নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজধানী ডামাস্কাছ চাৰিওফালে ঘেৰি দখলৰ দিশে বিদ্রোহী

🔹 ছিৰিয়াৰ ৰাষ্ট্রপতি বাছাৰ আল–আছাদ বাহিনীলৈ বিপজ্জনক সংকেত

নিউজ ডেস্ক, ৮ ডিচেম্বৰ : ছিৰিয়াৰ ৰাষ্ট্রপতি বাছাৰ আল–আছাদৰ বাহিনীৰ হাতৰ পৰা ইখনৰ পিছত সিখন চহৰ নিজৰ দখললৈ নিছে বিদ্রোহীয়ে৷ ছিৰিয়াৰ গৃহযুদ্ধৰ আৰম্ভণি হোৱা দাৰা চহৰ আছাদ বাহিনীয়ে হেৰুওৱাৰ পিছত ৰাজধানী ডামাস্কাছো হেৰুওৱাৰ ক্ষণ গণিছে৷ বিদ্রোহীয়ে ইতিমধ্যে ৰাজধানী ডামাস্কাছ চাৰিওফালৰ পৰা ঘেৰি ধৰি দখল কৰিবলৈ দ্রুতগতিৰে আগবাঢ়ি আহিছে৷ আছাদ বাহিনীৰ পৰা ডামাস্কাছ দখল কৰিবলৈ বিদ্রোহীয়ে ইতিমধ্যে আক্রমণ তীব্রতৰ কৰি তুলিছে৷ ছিৰিয়াৰ ইছলামিক বিদ্রোহীয়ে ‘ডামাস্কাছে অপেক্ষা কৰি আছে’ বুলি মন্তব্য আগবঢ়াই দখল কৰিবলৈ আগবাঢ়ি গৈছে৷ উল্লেখনীয় যে ৰাজধানী ডামাস্কাছৰ পৰা প্রায় এশ কিলোমিটাৰ দূৰত্বত অৱস্থিত দাৰা চহৰ৷ এই চহৰখনতেই ২০১১ চনত আছাদ চৰকাৰৰ বিৰুদ্ধে দেশজুৰি তীব্র প্রতিবাদৰ সূত্রপাত ঘটিছিল৷ এই চহৰখন বিদ্রোহীয়ে দখল কৰাৰ লগে লগে আছাদ বাহিনীৰ বাবে শংকা বৃদ্ধি পোৱাই নহয়, ৰাজধানী চহৰখনো হেৰুওৱাৰ দিশে আগবাঢ়িছে৷ বিদ্রোহী কমাণ্ডাৰ হাছান আব্দেল ঘানিয়ে প্রকাশ কৰা মতে, এওঁলোকে ডামাস্কাছৰ পৰা মাত্র ২০ কিলোমিটাৰ নিলগত আছে৷ চহৰখন দখল কৰিবলৈ তেওঁলোকে অন্তিম পর্যায়ৰ অভিযান আৰম্ভ কৰি দিছে৷ বিদ্রোহীয়ে এই দাবী কৰিছে যদিও ছিৰিয়াৰ চৰকাৰে বাতৰিটো অস্বীকাৰ কৰিছে৷ প্রতিৰক্ষা মন্ত্রালয়ে দেশখনৰ সামৰিক বাহিনী বিদ্রোহীক প্রতিহত কৰিবলৈ সাজু হৈ আছে বুলি প্রকাশ কৰিছে৷

You might also like