নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰণ্যৰ ৪৮১টা ভালুক নিধনৰ সিদ্ধান্ত চৰকাৰৰ

🔹 পর্বতাৰোহী তৰুণীৰ মৃত্যুৰ পিছতে সিদ্ধান্ত

বিশেষ বাৰ্তা, ১৮ জুলাই : পর্বতাৰোহণৰ কথা ভাবিলেই বুকু কঁপি উঠে ৰোমানিয়াত৷ কাৰণ ভালুকৰ আক্রমণ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ কিন্তু সমস্যা সমাধানৰ ক্ষেত্রত কোনো পদক্ষেপ গ্রহণ কৰা নাই চৰকাৰে৷ শেহতীয়াকৈ এগৰাকী তৰুণী পর্বতাৰোহীৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পিছত সক্রিয় হৈ উঠিছে প্রশাসন৷ শ শ ভালুক মাৰি এই সমস্যা সমাধান কৰাৰ সিদ্ধান্ত লৈছে দেশখনৰ চৰকাৰে৷ ইউৰোপৰ ভিতৰত ৰোমানিয়াত ব্রাউন বেয়াৰ প্রজাতিৰ ভালুকৰ সংখ্যা আটাইতকৈ বেছি৷ এই প্রজাতিৰ ভালুক চাবলৈ পর্যটকসকলো আহে ৰোমানিয়াত৷ দেশখনৰ পৰিৱেশ মন্ত্রালয়ৰ হিচাপ অনুসৰি ৰোমানিয়াত মুঠ ভালুকৰ সংখ্যা প্রায় ৮ হাজাৰ৷ অন্যান্য দেশতকৈ ৰোমানিয়াত ভালুকৰ আক্রমণত মৃত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ চৰকাৰী সূত্রই সদৰী কৰা অনুসৰি যোৱা দুটা দশকত ৰোমানিয়াত ভালুকৰ আক্রমণত ২৬জনৰ মৃত্যু হৈছে৷ গুৰুতৰভাৱে আহত হৈছে ২৭৭জন৷ স্মর্তব্য যে ২০২৩ চনত ভালুকৰ আক্রমণত প্রতিৰোধ লগাবলৈ ২২০টা ভালুক গুলীয়াই মাৰিছিল ৰোমানিয়া চৰকাৰে৷ পৰিৱেশবিদসকলৰ আশংকা সত্ত্বেও চলিত বছৰত ৰোমানিয়া চৰকাৰে ৪৮১টা ভালুক নিধন কৰাৰ সিদ্ধান্ত লৈছে৷ চৰকাৰৰ এই সিদ্ধান্তৰ প্রতিবাদ জনাইছে পৰিৱেশ কর্মীসকলে৷ উল্লেখনীয় যে চলিত বছৰত ৰোমানিয়াৰ কার্পাথিয়াম পর্বত আৰোহণৰ সময়ত ১৯ বছৰীয়া এজনী তৰুণীৰ ভালুকৰ আক্রমণত মৃত্যু হয়৷ ইয়াৰ পিছতে ভালুক বধৰ সিদ্ধান্ত লয় চৰকাৰে৷

You might also like