আজি চিপকত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি–২০
🔹 স্পিনাৰক ভৰসাৰে ভাৰতৰ ব্যৱধান বৃদ্ধিৰ লক্ষ্য
নিউজ ডেস্ক, ২৫ জানুৱাৰী : ইডেনত সহজ বিজয়েৰে ইংলেণ্ডৰ বিৰুদ্ধে টি–২০ শৃংখলা আৰম্ভ কৰিছে ভাৰতীয় দলে৷ আজি চেন্নাইত ব্যৱধান বৃদ্ধিৰ লক্ষ্যৰে অৱতীর্ণ হ’ব সূর্যকুমাৰ যাদৱৰ টীম ইণ্ডিয়া৷ প্রথমখন মেচত জ’ছ বাটলাৰ বাহিনীক ৭ উইকেটত পৰাস্ত কৰে ভাৰতে৷ দ্বিতীয়খন মেচত নমাৰ পূর্বে মহম্মদ ছামিৰ ফিটনেছক লৈ চিন্তিত ভাৰতীয় ক্রিকেট৷ প্রথমখন মেচৰ পূর্বে নেটত বলাৰগৰাকীয়ে সক্রিয় ভূমিকা গ্রহণ কৰিলেও দলত অন্তর্ভুক্ত নকৰিলে টীম মেনেজমেণ্টে৷ কিন্তু আজি চেন্নাইত ছামিক খেলাব বিচাৰিব ভাৰতে৷ অৱশ্যে তেওঁৰ ফিটনেছ পৰীক্ষাৰ পিছতহে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব৷ ইডেনত ছামিৰ অভাৱ অনুভৱ কৰা নাছিল ভাৰতীয় দলে৷ নতুন বলত অনবদ্য প্রদর্শন কৰে অর্শদীপ সিঙে৷ মাজৰ অভাৰসমূহত ইংলেণ্ডৰ বেটিং মেৰুদণ্ড ভাঙি দিছিল বৰুণ চক্রৱর্তীয়ে৷ ইডেনত পেচাৰ আৰু স্পিনাৰে সমানে সুবিধা পায়৷ কিন্তু চেন্নাই স্পিনাৰৰ বাবে স্বর্গ৷ সেই অনুসৰি ভাৰতীয় দলত আছে বৰুণ চক্রৱর্তী, অক্ষৰ পেটেল আৰু ৰবি বিষ্ণইৰ দৰে তাৰকা স্পিনাৰ৷ ইয়াৰ বিপৰীতে ভাৰতীয় বেটাৰসকলক প্রত্যাহ্বান জনাবলৈ কিছু কঠিনতাৰ সন্মুখীন হ’ব ইংলেণ্ডৰ দুই স্পিনাৰ আদিল ৰছিদ আৰু লিয়াম লিভিংষ্টন৷ প্রথমখন মেচত কেৱল জ’ফ্রা আর্চাৰৰ বাহিৰে অভিষেক শর্মাৰ সন্মুখত কোনো বলাৰে থিয় দিব পৰা নাছিল৷ যোৱা বছৰৰ শেষৰ ফালৰ পৰা টি–২০ত ভাৰতৰ সফল অ’পেনিং যুটি হিচাপে ধৰা দিছে অভিষেক আৰু সঞ্জু ছেমছন৷ তেওঁলোকৰ ওপৰত নির্ভৰ কৰি টীম ইণ্ডিয়াই সুন্দৰ আৰম্ভণি ঘটাবলৈ সম্ভৱ হৈছে৷ কলকাতাত অভিষেকে প্রায় অকলে মেচখনত ভাৰতৰ বিজয়ত মুখ্য ভূমিকা গ্রহণ কৰে৷ আনহাতে, অন্তিম ছটা ইনিংছত সঞ্জুৰ বেটৰ পৰা আহিছে তিনিটা শতৰান৷ চেন্নাইৰ কঠিন উইকেটত ভাল আৰম্ভণি কৰাৰ দায়িত্ব থাকিব তেওঁলোকৰ ওপৰত৷ প্রথম মেচৰ ভাৰতীয় দলত বিশেষ পৰিৱর্তন ঘটোৱাৰ সম্ভাৱনা নাই৷ ছামি সম্পূর্ণৰূপে সুস্থ হৈ উঠিলে নীতিশ কুমাৰ ৰেড্ডীয়ে স্থান এৰি দিব লাগিব৷ ইপিনে, ইংলেণ্ডে ১২জনীয়া দলত আন এজন উইকেটকীপাৰ জেমি স্মিথক অন্তর্ভুক্ত কৰিছে৷