কুনোৰ অৰণ্যত আফ্রিকাৰ পৰা অনা সপ্তমটো চিতাৰ মৃত্যু
বিশেষ বাৰ্তা, ১৪ জুলাই : মধ্যপ্রদেশৰ কুনোৰ অৰণ্যত মঙলবাৰে আফ্রিকাৰ পৰা অনা সপ্তমটো চিতাবাঘৰ মৃত্যু হৈছে৷ তেজছ নামৰ এই চিতাটোৰ মৃত্যুৰ কাৰণ জানিব পৰা গৈছে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনৰ পৰা৷ প্রতিবেদনত উল্লেখ কৰা হৈছে যে তেজছ ভিতৰৰ পৰা দুর্বল হৈ পৰিছিল৷ কিছুদিন পূর্বে কুনো ৰাষ্ট্রীয় উদ্যানত অন্য এটা চিতাৰ সৈতে যুঁজ হৈছিল তেজছৰ৷ সেই সময়ত শৰীৰৰ বিভিন্ন স্থানত আঘাত পাইছিল চিতাবাঘটোৱে৷ এই যুঁজৰ পাছৰে পৰা শাৰীৰিকভাৱে অধিক দুর্বল হৈ পৰে তেজছ৷ এই দুর্বলতাৰ ফলতে তেজছৰ মৃত্যু হোৱা বুলি ধাৰণা কৰিছে চিকিৎসকসকলে৷ চলিত বছৰৰ আৰম্ভণিতে তেজছক ভাৰতলৈ অনা হৈছিল দক্ষিণ আফ্রিকাৰ পৰা৷ সেই সময়ত তেজছৰ বয়স আছিল ৫ বছৰ ৬ মাহ৷ মৰণোত্তৰ প্রতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে চিতাটোৰ হাঁওফাঁও আৰু বৃক্কত সংক্রমণ আছিল৷ মৃত্যুৰ সময়ত তেজছৰ ওজন আছিল ৪৩ কিলোগ্রাম৷ সাধাৰণতে মতা চিতাবাঘৰ থাকিবলগীয়া ওজনতকৈ তেজছৰ ওজন আছিল যথেষ্ট কম৷ মৃত্যুৰ প্রত্যক্ষ কাৰণ হিচাপে তেজছৰ অন্য বাঘৰ প্রতি আতংকৰ বিষয়টোক চিহ্ণিত কৰা হৈছে৷ এতিয়ালৈকে কুনোৰ অৰণ্যত আফ্রিকাৰ পৰা অনা সাতটা চিতাৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্য৷