নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ফুটবলত আৰম্ভ হ’ব স্পেনিছ যুগ

📌 ইগ’ৰ ষ্টিমাছৰ স্থলাভিষিক্ত মানোলো মার্কেজ

বিশেষ বাৰ্তা, ২১ জুলাই : ভাৰতীয় ফুটবল দলৰ মুখ্য প্রশিক্ষকৰ দায়িত্ব প্রদান কৰা হৈছে মানোলো মার্কেজক৷ ইগ’ৰ ষ্টিমাছৰ বিদায়ৰ পিছতেই এইবাৰ স্পেনিছ যুগ আৰম্ভ হ’বলৈ আগবাঢ়িছে ভাৰতীয় ফুটবলত৷ কালি স্পেইনৰ এইগৰাকী প্রশিক্ষকৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়৷ উল্লেখ্য যে ভাৰতীয় কোনো প্রশিক্ষকক ৰাষ্ট্রীয় দলৰ দায়িত্ব প্রদান কৰা হ’ব বুলি পূর্বে স্থিৰ কৰা হৈছিল৷ কিন্তু শেষপর্যন্ত এগৰাকী বিদেশী প্রশিক্ষককেই বাছনি কৰা হয়৷ সর্বভাৰতীয় ফুটবল সন্থাৰ কার্যকৰী সমিতিয়ে দলৰ নতুন প্রশিক্ষকৰূপে স্পেইনৰ মার্কেজৰ নাম চূড়ান্ত কৰে৷ কালি এই প্রশিক্ষকগৰাকীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়৷ সম্প্রতি ক্লাব আৰু দেশ দুয়ো স্থানতে প্রশিক্ষকৰ দায়িত্ব পালন কৰিব তেওঁ৷ দেশৰ লগতে বিশ্ব ফুটবলতো সাম্প্রতিক সময়ত এয়া নজিৰবিহীন ঘটনা৷ উল্লেখ্য যে হায়দৰাবাদৰ প্রশিক্ষক হিচাপে আইএছএল জয় কৰাইছিল মানোলোৱে৷ যোৱা বছৰ তেওঁ যোগদান কৰে গোৱাত৷ দলটো এটা সময়ত আইএছএল লীগ–ছিল্ড বিজয়ৰ দৌৰত আছিল যদিও একেৰাহে কেইবাখনো মেচত পৰাজিত হৈ শেষপর্যন্ত দ্বিতীয় স্থানত অভিযান সামৰে৷ এইবাৰো তেওঁ আছে গোৱাৰ প্রশিক্ষকৰ দায়িত্বত৷ অৱশ্যে চলিত ছিজনৰ পিছতে গোৱাৰ সৈতে চুক্তি সমাপ্ত হ’ব৷ ইয়াৰ পিছতে সম্পূর্ণৰূপে ভাৰতীয় দলৰ দায়িত্ব গ্রহণ কৰিব৷ অৱশ্যে কিমান দিনৰ বাবে চুক্তি স্বাক্ষৰ হৈছে, এই সম্পর্কে বিস্তৃতভাৱে জনোৱা হোৱা নাই৷ ফেডাৰেচনৰ সভাপতি কল্যাণ চৌবেই কয়– মার্কেজক প্রশিক্ষক হিচাপে স্বাগতম জনাইছোঁ৷ এফচি গোৱাৰ ওচৰতো আমি কৃতজ্ঞ৷ তেওঁলোকে প্রশিক্ষকগৰাকীক এৰি দিবলৈ সাজু হৈছে৷ আগন্তুক সময়ত তেওঁ ভাৰতীয় দলক সাফল্যৰ দিশে আগুৱাই নিব বুলি আশা কৰিছোঁ৷ ইপিনে, মানোলোৱে কয়– ভাৰতৰ প্রশিক্ষক হ’বলৈ পাই সন্মান অনুভৱ কৰিছোঁ৷ মোৰ বাবে এইখন দেশ দ্বিতীয়খন ঘৰৰ দৰে৷ ভাৰতীয়সকলৰ সৈতে মোৰ আত্মিক সম্পর্ক আছে৷ প্রথমবাৰ আহোঁতেই সেই বিষয়ে বুজি পাইছিলোঁ৷ দেশখনৰ লাখ লাখ সমর্থকক সুখী কৰাটোৱে মোৰ প্রধান উদ্দেশ্য হ’ব৷

You might also like