দিল্লীৰ ঐতিহাসিক ছিৰি ফ’ৰ্টত চুলতানী আমোলৰ সুৰংগ
📌গৱেষণা চলাইছে এএছআইৰ বিশেষজ্ঞই
বিশেষ বাৰ্তা, ৯ জুনঃ দক্ষিণ দিল্লীৰ ছিৰি ফ’ৰ্টত শিশুসকলৰ যাদুঘৰলৈ যোৱাৰ বাবে ভূগর্ভস্থ পথ নির্মাণৰ কাম কৰি আছিল শ্রমিকসকলে ৷ তেতিয়াই সন্ধান পোৱা গ’ল এক সুৰংগৰ ৷ ভাৰতীয় পুৰাতত্ত্ব বিভাগ (এএছআই)ৰ বিশেষজ্ঞসকলৰ মতে, ত্রয়োদশ বা চতুর্দশ শতাব্দীত চুলতানী আমোলত নির্মাণ কৰা হৈছিল এই সুৰংগ ৷ উল্লেখনীয় যে চলিত সপ্তাহৰ আৰম্ভণিতে ছিৰি ফ’ৰ্টৰ শিশুসকলৰ যাদুঘৰৰ এই বিকল্প পথ নির্মাণৰ কাম এএছআইৰ তৰফৰ পৰা কৰোৱা হৈছিল ৷ হঠাতে সুৰংগটোৰ সন্ধান পোৱাৰ পাছত এই কাম বন্ধ কৰা হৈছে ৷ প্রাচীন সুৰংগটোক লৈ এতিয়া চলিছে নতুন গৱেষণা ৷