নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিছ’দিয়াৰ জামিন আবেদন খাৰিজ ছুপ্রিম ক’র্টৰ

বিশেষ বাৰ্তা, ৩১ অক্টোবৰ : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰি দিছে দিল্লীৰ প্রাক্তন উপ–মুখ্যমন্ত্রী মনীষ ছিছ’দিয়াৰ জামিন আবেদন৷ কালি শীর্ষ আদালতে উল্লেখ কৰিছে যে আপ নেতাগৰাকীৰ বিৰুদ্ধে অনা অভিযোগ প্রমাণ কৰা হৈছে৷ আগন্তুক ৬ৰ পৰা ৮ মাহৰ ভিতৰত বিচাৰ প্রক্রিয়া শেষ কৰাৰ নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷ অৱশ্যে বিচাৰ প্রক্রিয়া লেহেমীয়া হ’লে আকৌ জামিনৰ আবেদন কৰিব পাৰিব মনীষ ছিছ’দিয়াই৷ দিল্লীৰ প্রাক্তন উপ–মুখ্যমন্ত্রীগৰাকী আবকাৰী কেলেংকাৰিৰ পৰা আর্থিকভাৱে লাভৱান হোৱাৰ অভিযোগ অনা হৈছে৷ দিল্লীত ৩৩৮ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগত মনীষ ছিছ’দিয়াৰ সম্পর্ক থকাটো আংশিকভাৱে প্রমাণিত হৈছে বুলি ৰায় দিয়ে শীর্ষ আদালতখনে৷

You might also like