ক’ভিড–১৯ৰ সংক্রমণৰ তৃতীয় জোৱাৰ ব্রিটেইনত
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ক’ভিড–১৯ মহামাৰীৰ তৃতীয় জোৱাৰৰ পৰা পৰিত্রাণ পাবলৈ হ’লে ইউৰোপীয় দেশ ব্রিটেইনে এটা সপ্তাহৰ ভিতৰত দেশখনৰ দুই নিযুত লোকক ক’ভিড ভেকচিন প্রদান কৰিব লাগিব৷ লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্র’পিকেল মেডিচিনৰ (এলএছএইচডিএম) তৰফৰ পৰা চলোৱা এক অধ্যয়নত সদৰী হৈছে এই তথ্য৷
সংবাদ সংস্থা ৰয়টাৰৰ প্রতিবেদন অনুসৰি ক’ভিড–১৯ত ব্রিটেইনত ২.৩ নিযুততকৈ অধিক লোক আক্রান্ত হৈছে৷ দেশখনত এতিয়ালৈকে মহামাৰীত প্রাণ হেৰুৱাইছে ৭১ সহস্রাধিক লোকে৷ স্মর্তব্য যে ক’ভিড–১৯ৰ পৰিৱর্তিত প্রকাৰণে ৭০ গুণ অধিক ক্ষিপ্রতাৰে ব্রিটেইনত সংক্রমণ ঘটোৱাৰ লগে লগে দেশখনত আগন্তুক জানুৱাৰী মাহলৈকে বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰাৰ চিন্তা–চর্চা চলোৱা হৈছে৷ যদি দ্রুতগতিত দেশখনত ক’ভিডৰ গণ টিকাকৰণ সম্ভৱ হৈ নুঠে, তেন্তে আগন্তুক জানুৱাৰী মাহত দেশখনত বহু লোকে প্রাণ হেৰুওৱাৰ আশংকা আছে৷ সংস্থাটোৰ সমীক্ষা অনুসৰি ক’ভিডৰ গণ টিকাকৰণ বর্তমানতকৈ দুগুণ হাৰত চলিব লাগিব দেশখনত৷