নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰণ্যৰ পৰা ওলাই আহিল আদিবাসী ‘মাছকো পিৰো’

🔹 ছার্ভাইভেল ইণ্টাৰনেচনেলৰ ছবি প্রকাশ

🔹 পেৰুৰ আমাজ’নত অৰণ্য ধ্বংসৰ পৰিণতি

বিশেষ বাৰ্তা, ১৯ জুলাই : আমাজ’নৰ অৰণ্যত বাস কৰা আদিবাসী সম্প্রদায়সমূহৰ বহুতেই এতিয়াও বহিঃবিশ্ব দেখা নাই৷ শেহতীয়াকৈ পেৰুৰ আমাজ’ন অৰণ্যত বাস কৰা আদিবাসী সম্প্রদায় মাছকো পিৰোৰ দুষ্প্রাপ্য ছবি তথা ভিডিঅ’ ফুটেজ মুকলি কৰি দিছে ছার্ভাইভেল ইণ্টাৰনেচনেল নামৰ সংস্থাটোৱে৷ উল্লেখনীয় যে অৰণ্যৰ বাহিৰৰ মানুহৰ সৈতে কোনোধৰণৰ সম্পর্ক নাই মাছকো পিৰো আদিবাসী সম্প্রদায়ৰ লোকৰ৷ পেৰুৰ গভীৰ অৰণ্যত বিচৰণ কৰি ফুৰে এই লোকসকলে৷ আন আদিবাসী সম্প্রদায়ৰ পৰাও আঁতৰি থাকিব বিচাৰে মাছকো পিৰো লোকসকলে৷ সেইবাবে পেৰুৰ আমাজ’নৰ গভীৰ অৰণ্যত মাছকো পিৰোৰ বিচৰণ তথা বাস কৰা ভূমিক দুর্গম বুলি চিহ্ণিত কৰা হৈছে৷ ছার্ভাইভেল ইণ্টাৰনেচনেলে মাছকো পিৰোৰ ছবি আৰু ভিডিঅ’ ফুটেজ মুকলি কৰি দিয়াৰ লগে লগে বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷ সম্প্রদায়টোৰ বহু সদস্যই এখন নদীৰ তীৰত অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে৷ উল্লেখনীয় যে মাছকো পিৰো আদিবাসী সম্প্রদায় বিলুপ্ত হোৱা বুলি বিভিন্ন মহলে ধাৰণা কৰিছিল৷ এতিয়াও পেৰুৰ অৰণ্যত মানৱ সভ্যতাৰ স্পর্শ নোপোৱা এই সম্প্রদায়ৰ লোকসকল কুশলে থকা বুলি কোনেও ধাৰণা কৰা নাছিল৷ লক্ষণীয়ভাৱে খিলঞ্জীয়া লোকৰ অধিকাৰ ৰক্ষাৰ স্থানীয় সংগঠন ‘ফেনামাড’–এ দাবী কৰা অনুসৰি পেৰুৰ অভ্যন্তৰৰ আমাজ’ন অঞ্চলত অৰণ্য ধ্বংসৰ অভিযান আৰম্ভ হৈছে৷ ইয়াৰ ফলত মাছকো পিৰো লোকসকলে তেওঁলোকৰ পৰম্পৰাগত বসতিস্থলৰ পৰা বাহিৰলৈ ওলাই আহিবলগীয়া হৈছে৷ অকল সেয়াই নহয়, মাছকো পিৰো সম্প্রদায়ৰ এই সদস্যসকলে নিৰাপদ স্থানৰ সন্ধানত থকা বুলি খিলঞ্জীয়া লোকৰ অধিকাৰ ৰক্ষা সংগঠনটোৱে দাবী কৰিছে৷ ছার্ভাইভেল ইণ্টাৰনেচনেলে এই আলোক চিত্রবোৰ সংগ্রহ কৰিছিল জুনৰ শেষ ভাগত৷ ব্রাজিল সীমান্তৱর্তী দক্ষিণ পেৰুভিয়ান প্রদেশ মাদ্রে ডে ডিওছৰ এটা নদীৰ তীৰত এই দুষ্প্রাপ্য ছবি তুলিবলৈ সক্ষম হৈছে ছার্ভাইভেল ইণ্টাৰনেচনেলে৷ সংগঠনটোৰ ছবি, ভিডিঅ’ আৰু প্রতিবেদনে পুনৰ মাছকো পিৰো সম্প্রদায়ৰ অস্তিত্ব সন্দর্ভত পেৰুৰ চৰকাৰক ভাবিবলৈ বাধ্য কৰাইছে৷

You might also like