মধ্যপ্রাচ্যলৈ পুনৰ বোমাৰু বিমান প্রেৰণ আমেৰিকাৰ
🔹 ভয়ংকৰ যুদ্ধৰ প্রস্তুতি হোৱাইট হাউছৰ
🔹 যুদ্ধৰ দুন্দুভিত পুনৰ সুৰ আমেৰিকাৰ
নিউজ ডেস্ক, ৫ নৱেম্বৰ : ৰাষ্ট্রপতি নির্বাচনক লৈ আমেৰিকাৰ ৰাজনীতিত গৰম বতাহ চলাৰ মাজতো মধ্যপ্রাচ্যলৈ অস্ত্র প্রেৰণ বন্ধ কৰা নাই হোৱাইট হাউছ প্রশাসনে৷ মধ্যপ্রাচ্যত এবছৰৰো অধিককাল ধৰি বাজি থকা যুদ্ধৰ দুন্দুভিত পুনৰ সুৰ দিছে আমেৰিকাই৷ ইৰান আৰু ইজৰাইলৰ মাজত ভয়াৱহ পূর্ণাংগ যুদ্ধৰ আশংকা চলি থকাৰ সময়তে ইয়াত প্রৱেশ ঘটিছে আমেৰিকাৰ৷ জ’ বাইডেন প্রশাসনৰ তৰফৰ পৰা মধ্যপ্রাচ্যত মোতায়েন কৰা হ’ল অতিৰিক্ত সেনা, বোমাৰু বিমান আৰু মিছাইল ছিষ্টেম৷ আমেৰিকাৰ এই পদক্ষেপৰ পিছতে স্পষ্ট হৈ পৰিছে যে ইৰানে যদি ইজৰাইলত পুনৰ আক্রমণ চলায়, তেন্তে ইয়াৰ প্রত্যুত্তৰ দিব আমেৰিকাই৷ বিগত বছৰৰ ৭ অক্টোবৰত হামাছৰ বিৰুদ্ধে যি যুদ্ধ ইজৰাইলে আৰম্ভ কৰিছিল, তাত হুথী, লেবাননৰ সশস্ত্র সংগঠন হিজবুল্লা ইতিমধ্যে চামিল হৈছে৷ ইফালে, হিজবুল্লাৰ বিৰুদ্ধেও ইজৰাইলে চলাইছে সামৰিক অভিযান৷ হিজবুল্লাৰ মুৰব্বীৰ মৃত্যুৰ প্রতিশোধ ল’বলৈ ইজৰাইলত ক্ষেপণাস্ত্রৰে আক্রমণ চলাইছিল ইৰানে৷ ইয়াৰ প্রত্যুত্তৰ ইতিমধ্যে দিছে ইজৰাইলে৷ ইৰানৰ সেনা শিবিৰত আক্রমণ কৰি বহু অস্ত্র ধ্বংস কৰি দিছে ইজৰাইলী যুদ্ধবিমানে৷ ইয়াৰ পিছত পুনৰ আক্রমণৰ হুংকাৰ দিছে ইৰানে৷ এনে পৰিস্থিতিৰ মাজতে মধ্যপ্রাচ্যলৈ অত্যধিক হাৰত সেনা, ৰণতৰী, ক্ষেপণাস্ত্র ব্যৱস্থা প্রেৰণ কৰি আমেৰিকাই একপ্রকাৰ ভয়াৱহ যুদ্ধৰ প্রস্তুতি চলাইছে৷