ইউক্রেইন যুদ্ধৰ বাবে জগৰীয়া আমেৰিকা
🔹 ইৰানৰ ৰাষ্ট্রপতি ইব্রাহিম ৰাইছিৰ অভিযোগ
বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰ : আমেৰিকা আৰু পাশ্চাত্যৰ দেশসমূহৰ উচটনিৰ বাবে ডেৰ বছৰতকৈ অধিক সময় ধৰি ৰাছিয়া আৰু ইউক্রেইনৰ মাজত যুদ্ধ চলি আছে৷ ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত এই অভিযোগ কৰিলে ইৰানৰ ৰাষ্ট্রপতি ইব্রাহিম ৰাইছিয়ে৷ ইৰানৰ নেতাগৰাকীয়ে উল্লেখ কৰা অনুসৰি, অস্ত্র ব্যৱসায়ীবোৰক মুনাফা অর্জনৰ সুযোগ দিবলৈ ইউক্রেইনত অশান্তি বর্তাই ৰখা হৈছে৷ অর্থাৎ ইউক্রেইন যুদ্ধৰ বাবে আমেৰিকা আৰু পাশ্চাত্যৰ দেশসমূহ জগৰীয়া বুলি দাবী কৰিছে ৰাইছিয়ে৷