ইউএফঅ’ সম্পর্কীয় নথি প্রকাশ কৰক আমেৰিকাই
📌 ‘অজানা উৰন্ত চাকি’ক লৈ কৌতূহল বৃদ্ধি মার্কিন ছিনেটৰৰ
বিশেষ বাৰ্তা, ১৮ জুলাই : ইউ এফ অ’ বা অজানা উৰন্ত চাকিক লৈ সাধাৰণতে জনমানসত আগ্রহ আৰু কৌতূহলৰ শেষ নাই ৷ এইবাৰ আমেৰিকান ছিনেটৰসকলেও বিষয়টোক লৈ আৰম্ভ কৰিছে চর্চা ৷ আমেৰিকা চৰকাৰে যাতে ইউ এফ অ’ক লৈ যাৱতীয় নথি পোহৰলৈ আনে, তাৰ বাবে আইনী প্রক্রিয়া আৰম্ভ কৰাৰ কথা ভাবিছে ছিনেটৰসকলে ৷ এইক্ষেত্রত ডেম’ক্রেট আৰু ৰিপাব্লিকান উভয় শিবিৰৰ ছিনেটৰসকলে সহমত পোষণ কৰাও দেখিবলৈ পোৱা গৈছে ৷ ইউ এফ অ’ক লৈ অনুসন্ধিৎসু ছিনেটৰ বাহিনীৰ নেতৃত্ব দিছিল ডেম’ক্রেট নেতা চাক চুমাৰে৷ চুমাৰৰ সৈতে আছে ৰিপাব্লিকান ছিনেটৰ মাইক ৰাউণ্ডছ ৷ আমেৰিকাৰ চৰকাৰী নথিত ইউ এফ অ’ক কোৱা হয় ইউ এ পি (আনআইডেণ্টিফাইড এনোমেলছ ফেনোমেনা)৷ চুমাৰে ইতিমধ্যে দাবী কৰিছে যে আমেৰিকা চৰকাৰে ইউ এ পি সম্পর্কীয় যাৱতীয় নথি শীঘ্রে প্রকাশ কৰিব লাগে ৷ অৱশ্যে এই সম্পর্কত ছিনেটৰসকলৰ মাজত কোনোধৰণৰ আনুষ্ঠানিক বৈঠক হোৱা নাই ৷ কিন্তু ইউ এফ অ’ক লৈ আমেৰিকাৰ বিভিন্ন সময়ৰ গৱেষণা আৰু চৰকাৰে সংগ্রহ কৰা তথ্যবোৰ জনসাধাৰণে জনা উচিত বুলি দাবী কৰিছে চুমাৰসহ কেইবাগৰাকীও ছিনেটৰে ৷