নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত আৰম্ভ হ’ব বিপজ্জনক ব্যক্তিৰ শাসন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জানুৱাৰীঃ আগন্তুক ২০ জানুৱাৰীত ড’নাল্ড ট্রাম্পে আমেৰিকাৰ ৰাষ্ট্রপতি হিচাপে শপত ল’ব৷ জ’ বাইডেনে বিদায় ল’ব হোৱাইট হাউছৰ পৰা৷ ইতিমধ্যে বিদায়ী ভাষণ দিছে বাইডেনে৷ লক্ষণীয়ভাৱে কালি এই বিদায়ী ভাষণতো বাইডেনে ট্রাম্পক তীব্র কটাক্ষ কৰিছে৷ নেতাগৰাকীয়ে উল্লেখ কৰে যে তেওঁ হোৱাইট হাউছৰ পৰা বিদায় লোৱাৰ পিছত আমেৰিকাত বিপজ্জনক ব্যক্তিৰ শাসন আৰম্ভ হ’ব৷ কালি ওভেল অফিচৰ পৰা দেশবাসীৰ উদ্দেশ্যে ভাষণ দিয়ে বাইডেনে৷ এই ভাষণত বাইডেনে আশংকা প্রকাশ কৰে যে তেওঁৰ বিদায়ৰ লগে লগে আমেৰিকাত বিপজ্জনক ব্যক্তিৰ শাসন আৰম্ভ হ’ব৷ লক্ষণীয়ভাৱে ট্রাম্পৰ নাম উল্লেখ নকৰিলেও বিদায়ী ভাষণত ভৱিষ্যতৰ ৰাষ্ট্রপতিগৰাকীক ইংগিত কৰিয়েই যে বাইডেনে এনে মন্তব্য কৰিছে সেয়া স্পষ্ট হৈ পৰিছে৷

You might also like