নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াক বিষাক্ত মহেৰে ধ্বংস কৰিব আমেৰিকাই

🔹 ৰুছ সাংসদ ইৰিনা য়াৰোভায়াৰ বিস্ফোৰক দাবী
বিশেষ বাৰ্তা, ৬ জুলাই : শেহতীয়াকৈ ৰাছিয়াৰ এগৰাকী বিশেষজ্ঞই দাবী কৰিছে যে আমেৰিকাই ‘গ্রহাণু অস্ত্র’ ব্যৱহাৰ কৰিব মস্কোৰ বিৰুদ্ধে৷ এইবাৰ ৰাছিয়াৰ সাংসদ তথা নিৰাপত্তা বিষয়ক সংসদীয় কমিটীৰ মুৰব্বী ইৰিনা য়াৰোভায়াৰ বিস্ফোৰক দাবী যে ৰাছিয়াত আক্রমণ চলাবলৈ বিষাক্ত ‘মহ’ সৃষ্টি কৰিছে আমেৰিকাই৷ এই ‘মহ বোমা’ ৰাছিয়াক ধ্বংস কৰাৰ বাবে সৃষ্টি কৰিছে মার্কিন বিজ্ঞানীয়ে৷ মহৰ জিনগত পৰিৱর্তন আনি ইয়াক নতুন ৰূপত সৃষ্টি কৰা হৈছে৷ এই মহে প্রাণ কাঢ়িব পাৰে লাখ লাখ ৰাছিয়ান নাগৰিকৰ৷ ইৰিনাৰ বিস্ফোৰক বক্তব্যৰ এক ভিডিঅ’ ফুটেজ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ এই মহক মাৰণ অস্ত্র আখ্যা দিছে ইৰিনাই৷

You might also like