নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিন্ন গ্রহৰ প্রাণীৰ দেহ–যান গোপনে ৰাখিছে মার্কিন প্রশাসনে

🔹 প্রাক্তন চোৰাংচোৱা বিষয়াৰ দাবীক লৈ বিশ্বজুৰি চাঞ্চল্য
বিশেষ বাৰ্তা, ২৮ জুলাই : বিশ্বব্রহ্মাণ্ডত পৃথিৱীৰ বাহিৰে অন্য গ্রহতো আছে প্রাণীৰ অস্তিত্ব৷ পৃথিৱীৰ অন্য গ্রহত জীৱৰ অস্তিত্ব থকা প্রমাণ আছে পৃথিৱীতে৷ আমেৰিকাত লুকাই ৰখা হৈছে ভিন্ন গ্রহৰ প্রাণীৰ যান৷ আনকি এলিয়েনৰ দেহো আমেৰিকাত গোপনে ৰাখি থোৱা হৈছে৷ এই খবৰ কেৱল সাধাৰণ জনতাৰ পৰাই গোপনে ৰখা হোৱা নাই, মার্কিন কংগ্রেছেও সেই সন্দর্ভত একো নাজানে, এয়া কোনো হলীউডৰ ছবিৰ কাহিনী নহয়৷ এই দাবী কৰিছে আমেৰিকাৰ এজন প্রাক্তন চোৰাংচোৱা বিষয়াই। স্বাভাৱিকভাৱে এই দাবীক কেন্দ্র কৰি সৃষ্টি হৈছে চাঞ্চল্য৷ মার্কিন বায়ুসেনাৰ প্রাক্তন চোৰাংচোৱা বিষয়া ডেভিড গ্রাছে ৱাশ্বিংটনৰ হাউছ অভাৰছাইট কমিটীৰ ওচৰত এই দাবী কৰিছে৷ মার্কিন প্রশাসনে এলিয়েন আৰু ইউএফঅ’ সম্পর্কীয় সকলো তথ্য গোপনে ৰখা বুলি দাবী কৰিছে ডেভিড গ্রাছে৷ লক্ষণীয়ভাৱে মার্কিন প্রতিৰক্ষা দপ্তৰ পেণ্টাগনে অৱশ্যে ডেভিড গ্রাছৰ দাবীক নস্যাৎ কৰিছে৷ গ্রাছে দাবী কৰা অনুসৰি, এই সম্পর্কীয় নথিত ‘ইউএফঅ’’ শব্দটোৰ স্থানত আমেৰিকাই ‘ইউএপি’ শব্দ ব্যৱহাৰ কৰিছে৷ ‘ইউএপি’ অর্থাৎ আনআইডেণ্টিফাইড আনামোছাল ফেনোমেনন বুলি অভিহিত কৰিছে পেণ্টাগনে৷ বিষয়টো ইমানেই গোপনীয় যে সাধাৰণ জনতাৰ পৰা মার্কিন কংগ্রেছলৈ কোনেও ইয়াৰ নাড়ী–নক্ষত্র পোৱা নাই৷ বিগত শতিকাৰ ৩০ৰ দশকটোৰ পৰাই ভিন্ন গ্রহৰ যান আৰু প্রাণী সম্পর্কীয় বিষয়ৰ ওপৰত আমেৰিকাৰ নজৰ আছে বুলিও গ্রাছে দাবী কৰিছে৷

You might also like