নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাছিনাক উৎখাতৰ আঁৰত আমেৰিকাৰ হাত

🔹 সংবাদ মাধ্যমৰ হাতত বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রীৰ আনডেলিভার্ড ভাষণ

🔹‘বাংলাদেশৰ ৰাজপথত মৃতদেহৰ দ’ম নেদেখিবলৈয়ে মই পদত্যাগৰ সিদ্ধান্ত লৈছিলোঁ’

নিউজ ডেস্ক, ১২ আগষ্ট : বাংলাদেশৰ আৱামী লীগ চৰকাৰৰ পতন ঘটোৱা তথা শ্বেইখ হাছিনাক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ দেশখনত নজিৰবিহীন বিক্ষোভ আৰু সংঘর্ষ সৃষ্টিৰ অন্তৰালত আমেৰিকাৰ হাত আছে৷ প্রাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাই এই অভিযোগ তুলিছে৷ নতুন দিল্লীলৈ অহাৰ পাছত একাধিকবাৰ ভাৰতৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে বার্তালাপ হৈছে শ্বেইখ হাছিনাৰ৷ ভাৰতীয় নিৰাপত্তা আৰু কূটনৈতিক বিষয়াসকলৰ সৈতেও বার্তালাপ হৈছে নেত্রীগৰাকীৰ৷ বিদেশ মন্ত্রালয়ে ইতিমধ্যে জানিবলৈ দিছে যে নেত্রীগৰাকীৰ পৰৱর্তী আশ্রয়ৰ ঠিকনা নির্ধাৰিত নোহোৱালৈকে তেওঁ নতুন দিল্লীতে থাকিব৷ নতুন দিল্লীৰ এই অজ্ঞাতবাসত তেওঁ তেওঁৰ ঘনিষ্ঠসকলৰ সৈতে আলোচনা কৰাৰ সময়ত আমেৰিকাক প্রত্যক্ষভাৱে দায়ী কৰিছে বাংলাদেশৰ অগ্ণিগর্ভ পৰিস্থিতি সৃষ্টি আৰু আৱামী লীগ চৰকাৰক অন্যায়ভাৱে ক্ষমতাচ্যুত কৰাৰ বাবে৷ দেশ ত্যাগ কৰাৰ পূর্বে যিটো বক্তৃতা তেওঁ দেশবাসীক উদ্দেশ্যি দিব বিচাৰিছিল, তাতো এই ভাষ্যই আছে বুলি সংশ্লিষ্ট সূত্রই ভাৰতীয় সংবাদ মাধ্যমক জনাইছে৷ ইতিমধ্যে এই আনডেলিভার্ড ভাষণৰ লিখিত প্রতিলিপি সংবাদ মাধ্যমৰ হাতত পৰিছে৷ শ্বেইখ হাছিনাই অভিযোগ কৰা অনুসৰি, আমেৰিকাৰ কথা মতে ছেইণ্ট মার্টিন দ্বীপ তেওঁ হোৱাইট হাউছৰ হাতত গতাই নিদিলে৷ বংগোপ সাগৰত আধিপত্য বৃদ্ধি কৰিবলৈ ছেইণ্ট মার্টিন দ্বীপ বিচাৰিছিল আমেৰিকাই৷ কিন্তু শ্বেইখ হাছিনাই এই দাবী অগ্রাহ্য কৰা বাবেই আৱামী লীগ চৰকাৰক আমেৰিকাই ষড়যন্ত্রমূলকভাৱে উৎখাত কৰিলে৷ আনডেলিভার্ড ভাষণটোত শ্বেইখ হাছিনাই এইদৰে উল্লেখ কৰিছে– ‘মই যদি মার্কিন প্রশাসনৰ হাতত ছেইণ্ট মার্টিন–বংগোপ সাগৰ গতাই দিলোঁহেঁতেন, তেন্তে ক্ষমতাত থাকিব পাৰিলোঁহেঁতেন৷ বাংলাদেশৰ ৰাজপথত যাতে মৃতদেহৰ দ’ম দেখিবলগীয়া নহয়, তাৰ কাৰণে মই পদত্যাগৰ সিদ্ধান্ত লৈছিলোঁ৷ সিহঁতে শিক্ষার্থীৰ মৃতদেহৰ ওপৰেৰে আহি ক্ষমতা দখল কৰিব বিচাৰিছে৷ সেয়া হ’বলৈ নিদিলোঁ৷ মই বাংলাদেশত থাকিলে হয়তো আৰু অধিক প্রাণহানি হ’লহেঁতেন৷ হানি হ’লহেঁতেন সম্পদ–সম্পত্তিৰ৷’ বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে নতুন অন্তর্ৱর্তীকালীন চৰকাৰখনক এনেধৰণৰ বিদেশী শক্তিৰ দ্বাৰা ‘পৰিচালিত’ নহ’বলৈ সতর্ক কৰি দিয়ে৷ ছেইণ্ট মার্টিন দ্বীপৰ সার্বভৌমত্ব আমেৰিকাৰ হাতত তুলি দি বংগোপ সাগৰত মার্কিন আধিপত্য বৃদ্ধি কৰিবলৈ দিয়াহেঁতেন হাছিনা ক্ষমতাত বর্তি থাকিলহেঁতেন বুলিও একেটা সূত্রই সংবাদ মাধ্যমক জানিবলৈ দিছে৷ দেশ ত্যাগ কৰাৰ দৰে কঠিন সিদ্ধান্ত বাংলাদেশ তথা ছেইণ্ট মার্টিনৰ সার্বভৌমত্ব ৰক্ষাৰ বাবেই ল’বলগীয়া হৈছে নেত্রীগৰাকীয়ে৷ ইফালে, সূত্রটোৱে জানিবলৈ দিয়ে যে শ্বেইখ হাছিনাই পুনৰ দেশলৈ উভতি যাব পাৰিব বুলি আশা প্রকাশ কৰিছে৷ স্মর্তব্য যে ভাৰতেও বাংলাদেশৰ অগ্ণিগর্ভ পৰিস্থিতিত বিদেশৰ হাত থকা বুলি সন্দেহ প্রকাশ কৰি আহিছে৷ অৱশ্যে ভাৰতে পাকিস্তানৰ হাত থাকিব পাৰে বুলি সন্দেহ কৰিছে বাংলাদেশৰ পৰিস্থিতিত৷ তাৎপর্যপূর্ণ বিষয়টো হৈছে যে শ্বেইখ হাছিনাই ভাৰতত উপস্থিত হোৱাৰ পাছতে আমেৰিকাই নেত্রীগৰাকীক ভিছা প্রদান নকৰে বুলি স্পষ্ট কৰি দিছে৷ অর্থাৎ আমেৰিকাৰ সৈতে থকা শ্বেইখ হাছিনাৰ বৈৰী সম্পর্কৰ কথা পুনৰ পোহৰলৈ আহিছে৷ গতিকে নেত্রীগৰাকীয়ে যি অভিযোগ আনিছে তাক লৈ সৃষ্টি হৈছে সর্বত্র চর্চা৷ ইফালে, বাংলাদেশৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে কালি দায়িত্ব প্রদান কৰা হৈছে ছয়ীদ ৰেফাট আহমেদক৷ পৰহি দেশখনৰ মুখ্য ন্যায়াধীশ অবাইদুল হাছান আৰু আন ৫গৰাকী ন্যায়াধীশে পদত্যাগ কৰিছিল৷

You might also like