নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচন আৰু বিলি এইলিছ…

🔹 পিছ পৰিল ধনকুবেৰ এলন মাস্ক–সংগীত শিল্পী টেইলৰ ছুইফট 

নিউজ ডেস্ক, ৩ নৱেম্বৰ : বিশ্বৰ সর্বশক্তিমান আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি নির্বাচনক লৈ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে৷ অহা ৫ নৱেম্বৰত আনুষ্ঠানিকভাৱে ভোটগ্রহণ হ’বলগীয়া দেশখনৰ ৰাষ্ট্রপতি নির্বাচনলৈ ইতিমধ্যে শাসকীয় ডেম’ক্রেটিক দলৰ লগতে বিৰোধী ৰিপাব্লিকান দলৰ প্রার্থীয়ে প্রচাৰ তীব্রতৰ কৰি তুলিছে৷ ডেম’ক্রেটিক দলৰ প্রার্থী তথা বর্তমান মার্কিন উপ–ৰাষ্ট্রপতি কমলা হেৰিছ আৰু ৰিপাব্লিকান প্রার্থী তথা প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ মাজত যুঁজখন আকর্ষণীয় হৈ উঠিছে৷ প্রচাৰ অভিযানত তীব্র প্রতিদ্বন্দ্বিতা চলি থকা ৰিপাব্লিকান প্রার্থী ট্রাম্প আৰু ডেম’ক্রেট প্রার্থী হেৰিছে প্রচাৰ অভিযানত চেলিব্রিটী প্রচাৰকৰ সহায় লৈছে৷ ৰিপাব্লিকান প্রার্থী ট্রাম্পৰ হৈ ধনকুবেৰ এলন মাস্ক, বক্সিং কিংবদন্তি মাইক টাইচন, ফুটবল তাৰকা এণ্ট’নিঅ’ ব্রাউন আৰু আমেৰিকান ৰেপাৰ ৫০ পার্ছেণ্ট–এ প্রচাৰ চলাই আছে৷ আনপিনে ডেম’ক্রেট প্রার্থী হেৰিছৰ হৈ সংগীত শিল্পী টেইলৰ ছুইফ্ট, বিয়নছ, বিলি এইলিছ, প্রাক্তন ৰাষ্ট্রপতি বাৰাক অ’বামা আৰু মিছেল অ’বামাই প্রচাৰ চলাইছে৷ ট্রাম্প আৰু হেৰিছৰ হৈ চেলিব্রিটী তাৰকাই প্রচাৰ চলাইছে যদিও এইবেলি ৰাষ্ট্রপতি নির্বাচনত সর্বাধিক জনপ্রিয় প্রচাৰক হিচাপে এলন মাস্ক, টেইলৰ ছুইফ্টৰ বিপৰীতে আন এগৰাকী চেলিব্রিটীৰ নামহে চর্চালৈ আহিছে৷ হেৰিছৰ হৈ প্রচাৰ চলোৱা ২২ বছৰীয়া সংগীত শিল্পী বিলি এইলিছে এইবেলি নির্বাচনৰ ফলাফলত প্রচুৰ প্রভাৱ পেলোৱাৰ সম্ভাৱনা চর্চাৰ মাজলৈ আহিছে৷ দেশৰ প্রখ্যাত চেলিব্রিটীসকলক অতিক্রম কৰি বিলি এইলিছে এইবাৰ নির্বাচনত হেৰিছৰ হৈ প্রচাৰ চলাই সর্বাধিক জনপ্রিয় প্রচাৰক হিচাপে বিবেচিত হৈছে৷ এছ’ডছ নামৰ সংস্থা এটাই চলোৱা সমীক্ষা মতে, ৭খন প্রদেশত ট্রাম্পৰ হৈ প্রচাৰৰ শীর্ষত ৰেপাৰ ৫০ পার্ছেণ্ট৷ ইয়াৰ বিপৰীতে হেৰিছৰ হৈ সর্বাধিক জনপ্রিয় প্রচাৰক হৈছে বিলি এইলিছ৷ সংস্থাটোৱে সামাজিক মাধ্যমত চেলিব্রিটী প্রচাৰকক অনুকৰণ কৰা সংখ্যাৰ আধাৰত এই শীর্ষস্থান দিছে৷ ৭খন প্রদেশত চলোৱা সমীক্ষাত হেৰিছৰ হৈ ৭জন প্রচাৰকক ১,৩৯৩,০০০,০০তকৈ অধিক অনুগামীয়ে অনুকৰণ কৰিছে৷ ই হৈছে ট্রাম্পৰ প্রচাৰকতকৈ অধিক৷ সংগীত শিল্পী এইলিছক ২৩,৯৩১ অনুগামীয়ে অনুকৰণ কৰাৰ বিপৰীতে টেইলৰ ছুইফ্টক ১৯,৬০৪ আৰু তৃতীয় স্থানত থকা বিয়নছৰ অনুৰাগীৰ সংখ্যা ১৬,৯৭৮৷ প্রদেশকেইখনত বিলি এইলিছে ভোটাৰৰ মাজত বিশেষকৈ যুৱৰ মাজত বিশেষ প্রভাৱ পেলাবলৈ সক্ষম হৈছে৷ হেৰিছৰ হৈ প্রচাৰ চলোৱা এইলিছৰ এই অনুগামীৰ সংখ্যাই নির্বাচনী ফলাফলত প্রভাৱ পেলাব পাৰে৷ অৱশ্যে টেইলৰ ছুইফ্ট পেনচিলভেনিয়া আৰু জর্জিয়াত এইলিছতকৈ অধিক প্রভাৱশালী৷ নেভাডা, আৰিজনা, উইছকনচিন আৰু উত্তৰ কেৰ’লিনাত সবাতোকৈ প্রভাৱশালী বিলি এইলিছ৷ এনে পৰিপ্রেক্ষিতত ৭খন প্রদেশত প্রচাৰেৰে এইলিছে এইবাৰ নির্বাচনী ফলাফলত গুৰুত্বপূর্ণ ভূমিকা লোৱাৰ সম্ভাৱনা আছে৷

You might also like