ডলাৰৰ পৰিৱর্তে অন্য মুদ্রাৰ ব্যৱহাৰ হ’ব বিপদ
🔹 ভাৰতসহ ব্রিকছ সদস্য ৰাষ্ট্রক সকীয়নি ট্রাম্পৰ
🔹 এশ শতাংশ কৰ আৰোপৰ হুংকাৰ
নিউজ ডেস্ক, ২ ডিচেম্বৰ : আন্তর্জাতিক লেনদেনৰ ক্ষেত্রত আমেৰিকান ডলাৰৰ পৰিৱর্তে অন্য মুদ্রা ব্যৱহাৰ কৰিলেই বিশ্বৰ বিভিন্ন দেশ বিপদত পৰিব! ‘ব্রিক্ছ’ সদস্য দেশসমূহত এই সকীয়নি বার্তা দিলে আমেৰিকাৰ নৱনির্বাচিত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ প্রত্যক্ষভাৱে নাম উল্লেখ নকৰিলেও ট্রাম্পৰ এই সকীয়নিৰ টার্গেট হৈছে ভাৰত, চীন, ৰাছিয়া, দক্ষিণ আফ্রিকা আৰু ব্রাজিল৷ যোৱা অক্টোবৰ মাহত ব্রিকছৰ সদস্য দেশসমূহে এখন গুৰুত্বপূর্ণ বৈঠকত আন্তর্জাতিক লেনদেনৰ ক্ষেত্রত অন্য দেশৰ মুদ্রা ব্যৱহাৰত জোৰ দিছিল৷ এই ঘটনাক লৈ আমেৰিকাত সৃষ্টি হৈছিল প্রতিক্রিয়া৷ শেহতীয়াকৈ ড’নাল্ড ট্রাম্পে ছ’চিয়েল মিডিয়াত এক পোষ্টত সকীয়নি দিছে যে আমেৰিকান ডলাৰৰ পৰিৱর্তে অন্য মুদ্রা ব্যৱহাৰ কৰিলে অত্যধিক কৰ আৰোপ কৰা হ’ব৷ পোষ্টটোত ট্রাম্পে লিখিছে– ‘আমেৰিকান ডলাৰৰ পৰা ব্রিকছৰ সদস্য দেশসমূহে আঁতৰি যোৱাৰ চেষ্টা কৰিছে৷ তাক চাই থকাৰ দিন শেষ৷ এই দেশসমূহে কথা দিব লাগিব যে তেওঁলোকে কোনোদিনে নতুন ব্রিকছ মুদ্রা প্রস্তুত নকৰে৷ আমেৰিকান ডলাৰৰ পৰিৱর্তে অন্য কোনো দেশৰ মুদ্রা ব্যৱহাৰ নকৰে বুলিও প্রতিশ্রুতি দিব লাগিব৷ যদি ব্রিকছ সদস্য দেশসমূহে সেই প্রতিশ্রুতি নিদিয়ে, তেতিয়াহ’লে আমেৰিকাত যিকোনো সামগ্রী বিক্রী কৰিব বিচাৰিলে তাৰ ওপৰত এশ শতাংশ কৰ আৰোপ কৰা হ’ব৷’ ট্রাম্পে এই কথাও উল্লেখ কৰিছে যে ব্রিকছ সদস্য দেশসমূহে যিমানেই অন্য দেশৰ মুদ্রা প্রচলনৰ চেষ্টা নকৰক, আন্তর্জাতিক বজাৰত আমেৰিকান ডলাৰক সেই মুদ্রাই কেতিয়াও প্রত্যাহ্বান জনাব নোৱাৰে৷ কোনো দেশে যদি সেই চেষ্টা কৰে, তেন্তে তেনে দেশক ‘বিদায়’ জনাব আমেৰিকাই বুলিও ট্রাম্পে হুংকাৰ দিছে৷ অর্থাৎ আন্তর্জাতিক বজাৰত ডলাৰৰ বিপৰীতে অন্য মুদ্রাৰে লেনদেন কেতিয়াও ট্রাম্প প্রশাসনে মানি নচলে বুলি স্পষ্ট কৰি দিছে নেতাগৰাকীয়ে৷