নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধ আৰম্ভ ! ইজৰাইলৰ বোমাত বিধ্বস্ত ইৰানৰ নিউক্লিয়াৰ প্রকল্প

🔹 যুদ্ধ আৰম্ভ ! ইজৰাইলৰ বোমাত বিধ্বস্ত ইৰানৰ নিউক্লিয়াৰ প্রকল্প

🔹 ৬ বিজ্ঞানীসহ ইৰানৰ শীর্ষ সেনা বিষয়া নিহত

🔹 ইজৰাইলৰ তেল আভিভত মিছাইলেৰে ইৰানৰ ভয়ংকৰ প্ৰত্যুত্তৰ

নিউজ ডেস্ক, ১৪ জুন : ইজৰাইল আৰু ইৰানৰ মাজত প্রত্যক্ষ সংঘাত আৰম্ভ হৈছে৷ দুয়োখন দেশৰ মাজত আৰম্ভ হোৱা এই সংঘাতে বিশ্ববাসীক শংকিত কৰি তুলিছে৷ ইজৰাইল আৰু ইৰানক সংযমী হ’বলৈ বিশ্ব সমুদায়ে আহ্বান জনাইছে৷ ইৰানৰ ওপৰত ভয়াৱহ আক্রমণ চলাই ইজৰাইলে দেশখনৰ পাৰমাণৱিক প্রকল্পৰ পৰা সামৰিক ঘাটি বিধ্বস্ত কৰি পেলাইছে৷ অপাৰেচন ৰাইজিং লায়ন শীর্ষকেৰে ইৰানৰ ওপৰত ইজৰাইলে কালি পাৰমাণৱিক ক্ষেপণাস্ত্র আৰু সামৰিক চৌহদক আক্রমণৰ লক্ষ্য কৰি লয়৷ আকাশমার্গেৰে বোমাবর্ষণ কৰি ইজৰাইলে ইৰানৰ পাৰমাণৱিক প্রকল্প বিধ্বস্ত কৰাৰ সমান্তৰালকৈ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা আৰু সামৰিক ঘাটি বিকল কৰি তোলে৷ ইজৰাইলী সেনাৰ আক্রমণত ইৰানৰ ৰিভ’লছনাৰী গার্ডবোৰৰ কমাণ্ডাৰ হোছেইন ছালামি নিহত হোৱাৰ লগতে দেশখনৰ সশস্ত্র বাহিনীৰ মুৰব্বী মহম্মদ বাঘেৰিও নিহত হৈছে৷ এই আক্রমণৰ সময়ত ছগৰাকী পাৰমাণৱিক বিজ্ঞানীও নিহত হৈছে৷

ইজৰাইলৰ প্রতিৰক্ষা বাহিনীয়ে বিবৃতিযোগে ইৰানৰ এই ক্ষয়-ক্ষতিৰ তথ্য প্রকাশ কৰিছে৷ ইজৰাইলী সেনাই আক্রমণ কৰি বিধ্বস্ত কৰা ইৰানৰ পাৰমাণৱিক আন্তঃগাঁথনিৰ পৰা সামৰিক চৌহদৰ ধ্বংসাৱশেষৰ ভিডিঅ’ও প্রচাৰ কৰিছে৷ ইজৰাইলী সেনাৰ এই আক্রমণৰ প্রত্যুত্তৰ উচিতভাৱে দিয়া হ’ব, ইজৰাইলে ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি দেশখনৰ শীর্ষ নেতা আয়াতুল্লাহ আলী খোমেইনিয়ে সকীয়নি দিয়ে৷ আমেৰিকা আৰু ইজৰাইলক এই আক্রমণৰ বাবে প্রতিশোধ লোৱা হ’ব বুলিও ইৰানৰ সশস্ত্র বাহিনীৰ মুখপাত্রই প্রকাশ কৰিছে৷ লক্ষণীয় যে ইৰানে প্রত্যুত্তৰ হিচাপে ইজৰাইললৈ শতাধিক ড্রোন নিক্ষেপ কৰে যদিও মাজ আকাশতে এই ড্রোনসমূহ বিধ্বস্ত কৰে ইজৰাইলৰ সেনাই৷ ইজৰাইলৰ সীমান্ততেই ইৰানে নিক্ষেপ কৰা ড্রোনসমূহ প্রতিহত কৰে৷ ইৰান আৰু ইজৰাইলৰ মাজত এই সংঘাত তীব্রতৰ হৈ উঠাৰ সময়তে বিশ্ব সমুদায়ে অর্থাৎ শীর্ষ দেশসমূহে দুয়োখন দেশক সংযমী হ’বলৈ আহ্বান জনাইছে৷ আনপিনে, ইৰানৰ পাৰমাণৱিক প্রকল্পত ইজৰাইলী সেনাই আক্রমণ কৰা সন্দর্ভত ৰাষ্ট্রসংঘই নীৰৱ হৈ থকা বুলি অভিযোগ কৰি ইৰানে শীঘ্রে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদক বৈঠক আয়োজন কৰিবলৈ দাবী জনাইছে৷ লক্ষণীয় যে ইৰান আৰু ইজৰাইলৰ মাজত প্রত্যক্ষ সংঘাত আৰম্ভ হোৱাৰ পাছত দুয়োখন দেশৰ আকাশমার্গত আন্তর্জাতিক বিমানৰ আহ-যাহতো জটিলতা আহি পৰাৰ পৰিপ্রেক্ষিততে ভাৰতকে ধৰি বিভিন্ন দেশৰ বিমানৰ গতিপথ সলনি কৰিবলগীয়া হৈছে৷ আনকি কিছুসংখ্যক দেশে আন্তর্জাতিক বিমানৰ সেৱা সাময়িকভাৱে স্থগিত ৰাখিছে৷

ইপিনে, যোৱানিশা ইজৰাইলৰ তেল আভিভ চহৰত ইৰানে মিছাইলেৰে ভয়ংকৰ আক্ৰমণ চলায়। ইজৰাইলৰ আকাশত ইৰাণী ৰকেটৰ বৰষুণ পৰে। ইয়াৰ পাছতে মধ্য প্ৰাচ্যত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অৱশ্যে বাতৰি যুগুত কৰা সময়লৈকে ইৰানৰ ভয়ংকৰ আক্ৰমণৰ ফলত ইজৰাইলত হোৱা ক্ষয়-ক্ষতিৰ বিতং তথ্য লাভ কৰিব পৰা হোৱা নাই।

You might also like