নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতক ২৯৭বিধ প্রাচীন সামগ্রী ওভতাব হোৱাইট হাউছে

🔹 ৪৬সংখ্যক বিশ্ব হেৰিটেজ বৈঠকৰ চুক্তি

🔹 মোদী ক্ষমতালৈ অহাৰ পাছত দেশলৈ ৬ শতাধিক শৈল্পিক সামগ্রী

নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ : ভাৰত আছিল চিৰকালৰ ‘ৰত্নভাণ্ডাৰ’৷ বিদেশী আক্রমণকাৰীয়ে বাৰে বাৰে লুট কৰিছে দেশৰ সেই সম্পদ৷ কেতিয়াবা যদি সেয়া কহিনুৰৰ দৰে ৰত্ন, কেতিয়াবা আকৌ শিল্প সামগ্রী৷ মোদীৰ আমেৰিকা ভ্রমণৰ সময়ত ভাৰতলৈ উভতিব তেনে ২৯৭বিধ প্রাচীন সামগ্রী৷ বিভিন্ন সময়ত এই সামগ্রীবোৰ ভাৰতৰ পৰা সৰবৰাহ হৈছিল বিদেশলৈ৷ ২০১৪ চনত মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা এতিয়ালৈকে মুঠ ৬৪০বিধ এনেদৰে সৰবৰাহ হোৱা প্রাচীন সামগ্রী দেশলৈ ওভতাই অনা হৈছে৷ ইয়াৰ ভিতৰত আটাইতকৈ বেছি ৫৫৮বিধ প্রাচীন শৈল্পিক সামগ্রী ভাৰতক ওভতাই দিছে আমেৰিকাই৷ ক্ষমতালৈ অহাৰ পিছৰে পৰা মোদী চৰকাৰৰ লক্ষ্য হৈছে বিদেশলৈ সৰবৰাহ হোৱা দেশৰ সম্পদ ওভতাই অনা৷ সেই লক্ষ্যৰে ২০২৪ চনৰ জুলাই মাহত দিল্লীত ৪৬সংখ্যক বিশ্ব হেৰিটেজ বৈঠকত এক চুক্তিত স্বাক্ষৰ কৰে আমেৰিকা আৰু ভাৰতে৷ ভৱিষ্যতে ভাৰতৰ পৰা ঐতিহাসিক, প্রাচীন সামগ্রী আৰু যাতে আমেৰিকালৈ সৰবৰাহ নহয়, তাৰ বাবে এই চুক্তিত স্বাক্ষৰ কৰে দুয়োখন দেশে৷ ২০২১ চনত মোদীৰ আমেৰিকা ভ্রমণৰ সময়তো মার্কিন প্রশাসনে ১৫৭বিধ প্রাচীন শৈল্পিক সামগ্রী ভাৰতক ওভতাই দিছিল৷ ইয়াৰ ভিতৰত আটাইতকৈ মূল্যৱান আছিল দ্বাদশ শ্রেণীৰ ব্রঞ্জৰে নির্মিত নটৰাজৰ মূর্তি৷ ইয়াৰ পিছত ২০২৩ চনত মোদীৰ আমেৰিকা ভ্রমণৰ সময়তো ১০৫বিধ শৈল্পিক সামগ্রী ভাৰতক ওভতাই দিছিল বাইডেন প্রশাসনে৷ এইবাৰো বাইডেন প্রশাসনে ২৯৭বিধ প্রাচীন শৈল্পিক সামগ্রী ভাৰতক ওভতাই দিয়াৰ সিদ্ধান্ত লৈছে৷ মোদীৰ শেহতীয়া আমেৰিকা ভ্রমণ এই দিশৰ পৰা যথেষ্ট সফল বুলি বিভিন্ন মহলে দাবী কৰিছে৷ উল্লেখনীয় যে এই প্রাচীন সামগ্রীবোৰ প্রায় ৪০০০ বছৰ পুৰণি বুলি ইতিমধ্যে বিভিন্ন প্রতিবেদনত প্রকাশ পাইছে৷

You might also like