বনৰ বাঘে আহি ঘৰৰ পদূলিত পুৱালে ৰ’দ
বিশেষ বাৰ্তা, ২৭ ডিচেম্বৰ : জনবসতি অঞ্চলত আহি ঘৰৰ পদূলিতে ৰ’দ পুৱালে বাঘে৷ বাঘৰ এনে আচৰণ প্রত্যক্ষ কৰিবলৈ জাকে জাকে মানুহ আহিল গাঁৱৰ পৰা৷ ঘটনাটো উত্তৰ প্রদেশৰ পিলিভিট জিলাৰ আটকোণা গাঁৱৰ৷ বাঘৰ আতংকত নিশা গাঁওবাসীয়ে অনিদ্রাৰে কটালে৷ বন বিভাগৰ পৰা কর্মী আহি যিটো পৰিয়ালৰ ঘৰৰ সমীপত বাঘে ৰ’দ পুৱাই আছিল, তাত জাল পেলালে৷ কিন্তু এখন দেৱালত বাঘটোৱে এনেদৰে বহি ল’লে যে তাৰ পৰা লৰচৰ নকৰিলে৷ এটা দিন, এটা নিশা এনেদৰে উকলিল৷ জনসাধাৰণৰ চিৎকাৰ, হাহাকাৰক ভ্রূক্ষেপেই নকৰিলে বাঘটোৱে৷ বাঘৰ এনে কার্যত বিস্মিত হৈ পৰে স্থানীয় লোকসকল৷ অৱশেষত সংজ্ঞানাশক নিক্ষেপ কৰি বাঘটোক নিয়ন্ত্রণলৈ আনে বনকর্মীসকলে৷ বনকর্মীসকলে সংজ্ঞাহীন বাঘটোক লৈ যোৱাৰ পিছতহে অঞ্চলটোলৈ সুস্থিৰতা ঘূৰি আহে৷ পশুপ্রেমী সাংসদ মানেকা গান্ধীৰ সমষ্টি পিলিভিটত এই ঘটনা সংঘটিত হোৱাৰ পিছত বিশেষ চর্চা চলিছে৷