বিশ্বৰ প্রথম সমকামী ইমামক গুলীয়াই হত্যা দক্ষিণ আফ্রিকাত
🔹 শোকস্তব্ধ ট্রেন্সজেণ্ডাৰ সম্প্রদায়
নিউজ ডেস্ক, ১৭ ফেব্রুৱাৰী : বিশ্বৰ প্রথমগৰাকী সমকামী ইমামক গুলীয়াই হত্যা কৰিছে দুর্বৃত্তই৷ নিজকে সমকামী ইমাম বুলি ঘোষণা কৰিছিল দক্ষিণ আফ্রিকাৰ মুহছিন হে হেনড্রিক্সে৷ গাড়ীৰে গৈ থকা অৱস্থাতে ইমামগৰাকীক দুর্বৃত্তই গুলীয়াই হত্যা কৰে৷ আৰক্ষীয়ে এই ঘটনা সন্দর্ভত তদন্ত চলাই আছে যদিও কোনো লোকক গ্রেপ্তাৰ কৰিব পৰা নাই৷ ইমামগৰাকীৰ হত্যাকাণ্ডক লৈ শোক প্রকাশ কৰিছে বিশ্বৰ ট্রেন্সজেণ্ডাৰ সম্প্রদায়ে৷ ইষ্টার্ন কেপৰ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, এজন সংগীৰ সৈতে গাড়ীৰে গৈ আছিল ইমামগৰাকী৷ সেই সময়তে অন্য এখন গাড়ীৰে মুখ ঢাকি অহা দুর্বৃত্তই গুলীচালনা কৰে৷ ঘটনাস্থলীতে ইমাম হেনড্রিক্সৰ দেহাৱসান ঘটে৷ সমগ্র ঘটনাৰ এক ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত৷ ইমামগৰাকীক কোনে, কিয় হত্যা কৰিলে সেই কথা জানিব পৰা হোৱা নাই৷ উল্লেখনীয় যে জনদৰদী ইমামগৰাকী আছিল অতি উদাৰ দৃষ্টিভংগীৰ৷ ১৯৯৬ চনত নিজকে সমকামী বুলি ঘোষণা কৰিছিল হেনড্রিক্সে৷ সমকামী মুছলমানসকলৰ বাবে পৃথক মছজিদৰো ব্যৱস্থা কৰিছিল ইমামগৰাকীয়ে৷ সেই মছজিদত প্রৱেশৰ অধিকাৰ আছিল মহিলাসকলৰো৷ ২০২২ চনত হেনড্রিক্সক লৈ এখন তথ্যচিত্র নির্মাণ হৈছিল৷ মছজিদ পৰিচালনাৰ উপৰি আৰবী শিক্ষক আৰু ফেশ্বন ডিজাইনাৰৰো কাম কৰিছিল হেনড্রিক্সে৷