ইণ্ডোনেছিয়াৰ পাহাৰ বক্ষত বিশ্বৰ প্রাচীনতম পিৰামিড
🔹‘আর্কিঅ’লজিকেল প্রছপেকচন’ৰ গৱেষণা–পত্রক লৈ প্রত্নতত্ত্ববিদৰ মাজত আলোড়ন
বিশেষ বাৰ্তা, ৭ নৱেম্বৰ : ইণ্ডোনেছিয়াৰ পশ্চিম জাভাৰ অৰণ্য অঞ্চলত মানুহে সৃষ্টি কৰা আটাইতকৈ প্রাচীনতম স্থাপত্যৰ সন্ধান পোৱা গৈছে৷ এই অৰণ্য অঞ্চলত অসংখ্য ৰহস্যময় পাথৰ দেখিবলৈ পোৱা গৈছে৷ স্থানীয় বাসিন্দাসকলে এই স্থানক পৱিত্র বুলি গণ্য কৰি আহিছিল যদিও ইয়াৰ বিশেষত্ব কোনেও জানিব পৰা নাছিল৷ শেহতীয়াকৈ বিশেষজ্ঞসকলে উল্লেখ কৰিছে যে মাটিৰ তলত দীর্ঘদিন ধৰি পৰি আছে এক বিশাল পিৰামিড৷ ইজিপ্তৰ পিৰামিডতকৈও বহু পুৰণি৷ সম্ভৱতঃ মানুহে সৃষ্টি কৰা প্রাচীন মেগালিথিক বা একাধিক বিশাল আকাৰৰ পাথৰেৰে নির্মাণ কৰা এই স্থাপত্য দীর্ঘদিন ধৰি অজানা অৱস্থাত আছে৷ ‘আর্কিঅ’লজিকেল প্রছপেকচন’ শীর্ষক এক জার্নালত এই সম্পর্কীয় গৱেষণা–পত্র প্রকাশ পোৱাৰ লগে লগে বিশ্বজুৰি বিষয়টোক লৈ চলিছে চর্চা৷ নাম ‘গুনুং পাডাং’৷ স্থানীয় বাসিন্দাসকলে এইধৰণৰ স্থাপত্যক ‘পাণ্ডেন বেৰুনডাক’ বুলি কয়৷ অর্থাৎ স্তৰে স্তৰে উঠা পিৰামিড৷ ১০ বছৰ পূর্বে এই অঞ্চলত প্রত্নতত্ত্ববিদসকলে ভৰি দিছিল৷ তেতিয়াৰে পৰা গৱেষণা চলি আছে মৃত এক আগ্ণেয়গিৰিৰ বুকুত৷ যীশুখ্রীষ্টৰ জন্মৰ বহু হাজাৰ বছৰ পূর্বে মানুহে এই আগ্ণেয়গিৰিৰ স্থানত নির্মাণ কৰিছিল পিৰামিড৷ পৃথিৱীৰ আটাইতকৈ প্রাচীনতম পিৰামিড এই ‘গুনুং পাডাং’ বা জ্ঞানৰ পাহাৰ সন্দর্ভত ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশৰ প্রত্নতত্ত্ববিদে গৱেষণা আৰম্ভ কৰিছে৷