বিশ্বৰ ধনী ডুবাইৰ আল–নাহয়ান ৰাজপৰিয়াল
🔹 ৭০০ গাড়ী, ৪,০৭৮ কোটিটকীয়া বিলাসী প্রাসাদ, ৮ বিমানৰ গৰাকী
বিশেষ বাৰ্তা, ২০ জানুৱাৰী : বিশ্বৰ আটাইতকৈ ধনী ৰাজপৰিয়াল ডুবাইৰ আল–নাহয়ান পৰিয়ালৰ সম্পদৰ সাম্রাজ্য দেখিলে বিভিন্ন মহলৰ চকু কপালত উঠিব৷ আল–নাহয়ান পৰিয়ালৰ আছে ৪,০৭৮ কোটিটকীয়া প্রাসাদ৷ আমেৰিকাৰ প্রতিৰক্ষা দপ্তৰ পেণ্টাগনতকৈ তিনিগুণ ডাঙৰ এই প্রাসাদ৷ এই ৰাজপৰিয়ালৰ আছে ৮খন নিজা বিমান৷ ইয়াৰ উপৰি আছে এক ধনী ফুটবল ক্লাব৷ বিশ্বৰ ভিতৰতে আটাইতকৈ সম্পদশালী হিচাপে চিহ্ণিত হৈছে এই ৰাজপৰিয়ালটো৷ জিকিউৰ এক প্রতিবেদন অনুসৰি, সংযুক্ত আৰব আমীৰ শ্বাহী (ইউএই)ৰ ৰাষ্ট্রপতি শ্বেখ মহম্মদ বিন জায়াদ আল–নাহয়ান হৈছে পৰিয়ালটোৰ মুৰব্বী৷ ‘এমবিজেড’ নামেৰে পৰিচিত আল–নাহয়ানৰ আছে ১৮ ভাতৃ আৰু ১১গৰাকী ভগ্ণী৷ ইফালে, ১৮ সন্তান আৰু নাতি–নাতিনীও আছে ৰাষ্ট্রপতিগৰাকীৰ৷ পৰিয়ালটোৰ নামত আছে পৃথিৱীৰ প্রায় ৬ শতাংশ তেলৰ ভাণ্ডাৰ৷ মানচেষ্টাৰ চিটী ফুটবল ক্লাব আৰু বহু প্রসিদ্ধ কোম্পানীত আছে অংশীদাৰিত্ব৷ গায়িকা ৰিহানাৰ ফেশ্বন ব্রেণ্ডৰ পৰা আৰম্ভ কৰি এলন মাস্কৰ স্পেচ এক্সলৈকে বিভিন্ন কোম্পানীত শ্বেয়াৰ আছে এই ৰাজপৰিয়ালৰ৷ আবুধাবিৰ শাসক কনিষ্ঠ ভাতৃৰ নামত আছে ৭ শতাধিক গাড়ী৷ এই গাড়ীসমূহৰ ভিতৰত বিশ্বৰ আটাইতকৈ বিলাসী ব্রেণ্ডৰ গাড়ী কেইবাখনো আছে৷ উল্লেখনীয় যে আবুধাবিত ফোনেৰে নির্মিত শোৱনী কোঠাত কটায় পৰিয়ালটোৰ সদস্যসকলে৷ প্রায় ৯৪ একৰ ভূমিত আছে বিলাসী ৰাজপ্রাসাদ৷ বিশ্বৰ ভিতৰতে আঢ্যৱন্ত ৰাজপৰিয়াল আল–নাহয়ানৰ পৰিয়াল বুলি ইতিমধ্যে জিকিউৰ প্রতিবেদনে নিশ্চিত কৰিছে৷ উল্লেখনীয় যে বিশ্বৰ কোনো ধনকুবেৰৰ এই ৰাজপৰিয়ালৰ সমপৰিমাণৰ সম্পদ নাই৷