ভয়াৱহ তাপদহনৰ কবলত বিশ্বৰ বিভিন্ন প্রান্ত
🔹 কেলিফর্নিয়াত পাৰাস্তম্ভই অতিক্রম কৰিলে ৫৩ ডিগ্রী চেণ্টিগ্রেড
বিশেষ বাৰ্তা, ১৮ জুলাই : ভয়াৱহ তাপদহনৰ কবলত পৰিছে বিশ্বৰ বিভিন্ন প্রান্ত ৷ দক্ষিণ আৰু পূব ইউৰোপৰ কেইবাখনো দেশত প্রাণঘাতী তাপপ্রবাহৰ বাবে চৰকাৰে জৰুৰী অৱস্থা জাৰি কৰিবলগীয়া হৈছে ৷ ইটালীৰ ১৬খন চহৰত জাৰি কৰা হৈছে ৰেড এলার্ট ৷ বর্তমান দক্ষিণ আৰু পূব ইউৰোপৰ দেশসমূহত তাপমাত্রা ৪৬ৰ পৰা ৪৮ ডিগ্রী চেণ্টিগ্রেড চলি আছে ৷ ২০২১ চনত চিচিলিত তাপমাত্রা ৪৮.৮ ডিগ্রী চেণ্টিগ্রেডলৈ উঠিছিল ৷ এইবাৰ সেই অভিলেখ ভংগ হ’ব বুলি ধাৰণা কৰা হৈছে ৷ এই তাপমাত্রাৰ ফলত স্পেইনৰ কেনাৰি দ্বীপপুঞ্জত বনজুইৰ সৃষ্টি হৈছে ৷ বনজুইৰ ফলত ঘৰ এৰি পলায়ন কৰিছে হাজাৰ হাজাৰ লোকে ৷ গ্রীচ, তুৰস্ক আদি দেশতো সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি ৷ আমেৰিকাৰ দক্ষিণ–পশ্চিম প্রান্তত এতিয়া প্রচণ্ড তাপপ্রবাহ চলি আছে ৷ কেলিফর্নিয়াৰ ‘ডেথ ভেলী’ত পৰহি তাপমাত্রা ৫৩.৯ ডিগ্রী চেণ্টিগ্রেডলৈ বৃদ্ধি পাইছিল ৷ চীনৰ ঝিনজিয়াঙত তাপমাত্রা ৫২.২ ডিগ্রী চেণ্টিগ্রেডলৈ বৃদ্ধি পাইছে ৷ সেইদৰে জাপান–দক্ষিণ কোৰিয়াৰ বিভিন্ন চহৰতো অত্যধিক তাপ দহন চলি আছে ৷