চীনত হাঁওফাঁওৰ অসুস্থতাত নতুন ভাইৰাছৰ সংক্রমণ নাই
🔹 বিশ্ব স্বাস্থ্য সংস্থাক জনালে বেইজিং প্রশাসনে
বিশেষ বাৰ্তা, ২৬ নৱেম্বৰ : হাঁওফাঁওৰ সংক্রমণ বিয়পিছে চীনত৷ বিশেষকৈ দেশখনৰ উত্তৰ আৰু দক্ষিণ প্রান্তত নিউমোনিয়াৰ উপসর্গযুক্ত এই অসুস্থতাত ভুগিছে শিশুসকলৰ বৃহৎ অংশ এটাই ৷ চীন চৰকাৰক এই বিষয়ত অধিক তথ্য দিবলৈ অনুৰোধ কৰিছিল বিশ্ব স্বাস্থ্য সংস্থা (হু)ই৷ কিন্তু সেই অনুৰোধত কোনো গুৰুত্ব দিয়া নাই চীনে৷ বিশ্ব স্বাস্থ্য সংস্থাক চীনে সবিশেষ তথ্য দিয়াৰ বিপৰীতে এই অসুস্থতাৰ অন্তৰালত কোনো নতুন বা অস্বাভাৱিক ভাইৰাছৰ সংক্রমণৰ চিহ্ণ পোৱা নাই বুলি জনাই দিছে৷ চলিত বছৰত অক্টোবৰৰ মাজভাগৰ পৰা চীনৰ শিশুসকলৰ এই নতুন অসুস্থতাৰ বিষয়টোত নজৰদাৰী কৰি আছে বিশ্ব স্বাস্থ্য সংস্থাই৷ শেহতীয়াকৈ চীনৰ স্বাস্থ্য সম্পর্কীয় একাধিক সংস্থা আৰু হাস্পতালৰ সৈতে টেলি কনফাৰেঞ্চ কৰে ‘হু’ৰ বিষয়ববীয়াসকলে৷ ইয়াৰ পিছতে বেইজিং প্রশাসনে এক বিবৃতিত ঘোষণা কৰিছে যে হাঁওফাঁওৰ অসুস্থতাৰ ক্ষেত্রত কোনো অস্বাভাৱিক বা নতুন ভাইৰাছৰ সংক্রমণ জড়িত হৈ থকা নাই৷