ভাৰত-পাকিস্তানৰ মাজত সদায় উত্তেজনা হৈ আহিছে, ট্ৰাম্প
নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰাম্প পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ইটালীৰ ৰোমলৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ সদস্যসকলৰ সৈতে ৱাশ্বিংটন ডি চিৰ হোৱাইট হাউছত মুখামুখি হয়।
মুখামুখিত সাংবাদিকে ট্ৰাম্প ক ভাৰত-পাক সংঘাত তথা পেহেলগাম কাণ্ডৰ বিষয়ে সোধে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত সদায় উত্তেজনা চলি আহিছে আৰু দুয়োখন দেশে নিজৰ মাজতে “এটা বা আনটো দিশত” এই কথা বুজিব।
তেওঁ আকৌ কয়, মই ভাৰতৰ অতি ঘনিষ্ঠ আৰু মই পাকিস্তানৰ অতি ঘনিষ্ঠ, আপোনালোকে জানে। আৰু তেওঁলোকৰ সেই যুঁজখন কাশ্মীৰত ১০০০ বছৰ ধৰি চলি আহিছে। কাশ্মীৰত সেয়া ১০০০ বছৰ ধৰি চলি আছে, সম্ভৱতঃ তাতকৈও বেছি।
২৬জন সাধাৰণ নাগৰিক নিহত হোৱা পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা আৰু দুয়োখন দেশৰ নেতাৰ সৈতে কথা পাতিব নেকি বুলি প্ৰশ্ন কৰা হয় আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক।
উল্লেখ্য যে ২০১৯ চনত পুলৱামাৰ পিছত সংঘটিত হোৱা আটাইতকৈ মাৰাত্মক আক্ৰমণত মঙলবাৰে জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰি ২৬জন লোকক হত্যা কৰে, যৰ বেছিভাগেই পৰ্যটক।