কানাডাত ৱেটাৰৰ চাকৰিৰ বাবে দীঘলীয়া শাৰী ভাৰতীয়ৰ
🔹 বিদেশতো জীৱিকাৰ সংকট হাজাৰ হাজাৰ শিক্ষার্থীৰ
নিউজ ডেস্ক, ৭ অক্টোবৰ : উন্নত জীৱন যাপনৰ বাবে বিদেশত শিক্ষাগ্রহণ তথা চাকৰিৰ স্বপ্ণ দেখে অসংখ্য ভাৰতীয় তৰুণ–তৰুণীয়ে৷ কিন্তু বিদেশত গৈও ভাৰতীয়সকলৰ স্বপ্ণ পূৰণ হয় নে নাই, সেয়া সন্দেহৰ বিষয়৷ শেহতীয়াকৈ এই প্রশ্ণ উত্থাপন হৈছে এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে৷ কানাডাৰ ব্রাম্পটনৰ এখন ৰেষ্টুৰেণ্টত ৱেটাৰৰ চাকৰিৰ বাবে ৩০০০ ভাৰতীয়ই দীঘলীয়া শাৰী পতা দেখিবলৈ পোৱা গৈছে এই ভিডিঅ’ত৷ ৱেটাৰৰ চাকৰি বিচৰা এই ভাৰতীয়সকলৰ অধিক সংখ্যকেই শিক্ষার্থী৷ ‘মেঘ আপডেটছ’ নামৰ এক্স হেণ্ডলৰ পৰা প’ষ্ট কৰা হৈছে এই ভিডিঅ’৷ ইয়াত লিখা হৈছে– ‘কানাডাত ভয়াৱহ দৃশ্য! তিনি হাজাৰ শিক্ষার্থীয়ে ব্রাম্পটনৰ এখন নতুন ৰেষ্টুৰেণ্টৰ দিয়া বিজ্ঞাপনৰ প্রতি সঁহাৰি জনাই ৱেটাৰৰ চাকৰিৰ বাবে শাৰী পাতিছে৷ কানাডাত যিসকল ভাৰতীয়ই গোলাপী স্বপ্ণ লৈ আহিছে, তেওঁলোকে গভীৰ আত্মসমীক্ষা চলোৱা উচিত৷’ ইয়াৰ পাছতে বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন মহলে আশ্চর্য প্রকাশ কৰিছে৷ বিদেশত গৈ ভাৰতীয় শিক্ষার্থীসকলে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, এই ভিডিঅ’টোৱেই তাৰ প্রমাণ বুলি একাংশই মন্তব্য কৰিছে৷