প্রেমিকৰে ফুৰিবলৈ গৈ অন্য যুৱকৰে বিবাহ তৰুণীৰ
🔹 আমেৰিকাৰ ফ্ল’ৰিডাৰ ঘটনাক লৈ সংবাদ মাধ্যমত চর্চা
🔹 এনিশা এবাৰৰ বাবে প্রেমিকাৰ ফোন নধৰাই কাল হ’ল যুৱকৰ
বিশেষ বাৰ্তা, ২২ মার্চ : এনিশা এবাৰৰ বাবে প্রেমিকাৰ ফোন নধৰিলে কেনে বৃহৎ বিপর্যয় হ’ব পাৰে, তাৰ প্রমাণ পালে এজন যুৱকে৷ ইয়াৰ ফলতেই অন্য এজন যুৱকৰ ভাগ্য মুকলি হ’ল৷ বাস্তৱত যি ঘটিল, সেয়া কোনো ৰোমাণ্টিক ছবিৰ চিত্রনাট্যতো কল্পনা কৰিব নোৱাৰি৷ প্রেমিকৰ সৈতে অৱসৰ বিনোদন কটাবলৈ ফ্ল’ৰিডালৈ গৈছিল এগৰাকী তৰুণী৷ তালৈ গৈ অন্য এজন যুৱকৰ প্রেমত পৰে এই তৰুণী৷ আনকি সেই নতুন প্রেমিককেই বিয়া কৰায় তৰুণীগৰাকীয়ে৷ এই ‘কাহিনী’ৰ নায়িকা আমেৰিকাৰ মিচিগানৰ বাসিন্দা কাৰা৷ প্রেমিক আৰু কেইজনমান বন্ধুৰ সৈতে ফ্ল’ৰিডাৰ সমুদ্র তীৰলৈ ফুৰিবলৈ গৈছিল কাৰাই৷ ইয়াৰ এটা ক্লাবত খাদ্য গ্রহণ কৰাৰ সময়ত ব্রিটেইনৰ জেমছ নামৰ যুৱকজনৰ সৈতে চিনাকি হয় ২৮ বছৰীয়া কাৰাৰ৷ ইয়াৰ পিছতেই ভাগ্যৰ চকৰি ওলোটা দিশত ঘূৰিবলৈ ধৰে৷ এদিন কাৰাই প্রেমিক আৰু নিজৰ বন্ধুসকলক এৰি জেমছৰ সৈতে ফুৰিবলৈ যায়৷ কিন্তু কাৰাই অন্য স্থানৰ পৰা ফোন কৰা সত্ত্বেও প্রেমিকে ফোন ধৰা নাছিল৷ তেতিয়া তেওঁ আছিল সংগীসকলৰ সৈতে সুৰাপান কৰি গীত–নৃত্যত মত্ত হৈ৷ পিছদিনাখন কাৰাৰ প্রেমিকৰ সৈতে দুর্বাদল কাজিয়া হয় আৰু ইয়াৰ পৰিণতিত দুয়োৰে মাজত সম্পর্কৰ বিচ্ছেদ ঘটে৷ লগে লগে জেমছৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয় কাৰাই৷ এই ঘটনা যথেষ্ট পুৰণি যদিও এতিয়া সংবাদ মাধ্যমৰ চর্চালৈ আহিছে৷