কম্বোডিয়া–লাওছ–ম্যানমাৰ-থাইলেণ্ডৰ পৰা দেশত ‘ডিজিটেল এৰেষ্ট’ৰ জাল
🔹 ১৭ হাজাৰ হোৱাটছএপ একাউণ্ট চিনাক্ত–বন্ধৰ নির্দেশ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ
🔹 ভাৰতত চাইবাৰ অপৰাধীয়ে প্রতিদিনে লুটিছে গড়ে ৬ কোটিকৈ
নিউজ ডেস্ক, ২২ নৱেম্বৰ : ‘ডিজিটেল এৰেষ্ট’– শেহতীয়াকৈ সমগ্র দেশতে আতং9কৰ কাৰক হৈ পৰিছে এই শব্দ দুটা৷ প্রধানতঃ চাইবাৰ প্রতাৰণাৰ সৈতে সংপৃক্ত হৈ থকা ‘ডিজিটেল এৰেষ্ট’ৰ কবলত পৰি বহু লোকে নিজৰ কষ্টোপার্জিত জমা ধন হেৰুৱাবলগীয়া হৈছে৷ এই বিষয়টোক গুৰুত্বসহকাৰে গ্রহণ কৰি শেহতীয়াকৈ ইয়াৰ বিৰুদ্ধে পদক্ষেপ গ্রহণ কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ ইয়াৰ অংশস্বৰূপে কেন্দ্রীয় গৃহ মন্ত্রালয়ে ১৭ হাজাৰ হোৱাটছএপ একাউণ্ট চিনাক্ত কৰিছে৷ চিনাক্তকৰণ কৰা এই ১৭ হাজাৰ হোৱাটছএপ একাউণ্টৰ জৰিয়তে দেশত পৰিচালিত হৈছিল চাইবাৰ প্রতাৰণা৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ এক সূত্রই সদৰী কৰা অনুসৰি চাইবাৰ অপৰাধী চক্রই ভাৰতত কম্বোডিয়া, লাওছ, ম্যানমাৰ, থাইলেণ্ড আদিৰ দৰে কেইবাখনো দেশৰ পৰাই ‘ডিজিটেল এৰেষ্ট’ৰ জাল প্রসাৰিত কৰিছে৷ এই দেশসমূহত প্রথমতে কর্মসংস্থাপনৰ লোভ দেখুৱাই চাইবাৰ অপৰাধী চক্রই অনলাইনৰ মাধ্যমেৰে ভাৰতীয় নাগৰিকৰ ধন লুণ্ঠন কৰাৰ দৰে দুষ্কার্যত লিপ্ত হয়৷ ইতিমধ্যে এনেধৰণৰ একাধিক অভিযোগ উত্থাপন হৈছে৷ ইয়াৰ পিছতে তৎপৰ হৈ পৰে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অধীনস্থ চাইবাৰ শাখা৷ অভিযোগসমূহ সূক্ষ্মভাৱে পর্যালোচনা কৰাৰ সময়ত চাইবাৰ শাখাই কেতবোৰ সন্দেহজনক হোৱাটছএপ একাউণ্টৰ সন্ধান লাভ কৰে৷ তেনে একাউণ্টৰ সংখ্যা হৈছে ১৭ হাজাৰ৷ ইতিমধ্যে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা হোৱাটছএপ কর্তৃপক্ষক চিনাক্তকৰণ হোৱা ১৭ হাজাৰ একাউণ্ট বন্ধ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ সূত্রটোৱে এই প্রসংগত এক গুৰুত্বপূর্ণ তথা সদৰী কৰে৷ সেই অনুসৰি দেশত প্রতিদিনে চাইবাৰ অপৰাধীয়ে গড়ে লুট কৰা ধনৰ পৰিমাণ ৬ কোটি টকা৷ চলিত বর্ষৰ প্রথম ১০ মাহ অর্থাৎ জানুৱাৰীৰ পৰা অক্টোবৰ পর্যন্ত চাইবাৰ অপৰাধীয়ে লুণ্ঠন কৰিছে ২,১৪০ কোটি টকা৷ এই সময়ছোৱাত চাইবাৰ অপৰাধ সন্দর্ভত দেশত ৰুজু হোৱা গোচৰৰ সংখ্যা হ’ল ৯২,৩৩৪টা৷ লক্ষণীয়ভাৱে সমগ্র দেশতে এটাৰ পিছত এটাকৈ ‘ডিজিটেল এৰেষ্ট’ৰ ঘটনা সংঘটিত হোৱাক কেন্দ্র কৰি উদ্বেগ প্রকাশ কৰিছিল স্বয়ং প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এনেধৰণৰ চাইবাৰ প্রতাৰণা কেনেদৰে এৰাই চলিব পাৰি বা এইক্ষেত্রত কৰণীয় কি, সেই সম্পর্কত তেওঁ কেতবোৰ পৰামর্শও আগবঢ়াইছে৷ সমান্তৰালভাৱে প্রধানমন্ত্রী মোদীয়ে বার্তা দিছিল যে ‘ডিজিটেল এৰেষ্ট’ বুলিবলৈ একো হোৱা নাই৷ দেশৰ কোনো আইনত ‘ডিজিটেল এৰেষ্ট’ৰ উল্লেখ নাই৷ জনসাধাৰণক এনেধৰণৰ ঘটনাৰ ক্ষেত্রত সচেতন কৰাৰ বাবে কেন্দ্রই উদ্যোগ গ্রহণ কৰিছে৷ কিন্তু ইয়াৰ পিছতো ‘ডিজিটেল এৰেষ্ট’ৰ ফান্দত পৰি সর্বস্ব হেৰুৱাবলগীয়া হৈছে বহু লোকে৷ প্রতিদিনে সংবাদ মাধ্যমত চাইবাৰ প্রতাৰণাৰ বাতৰিয়ে শিৰোনাম দখল কৰিছে৷ অসমতো সংঘটিত হৈছে ‘ডিজিটেল এৰেষ্ট’ বা চাইবাৰ প্রতাৰণাৰ ঘটনা৷ তথ্য অনুসৰি চলিত বর্ষৰ ৫ জানুৱাৰীৰ পৰা ৩১ অক্টোবৰ পর্যন্ত অসমত চাইবাৰ অপৰাধীয়ে বিভিন্নজনৰ পৰা লুটি নিছে প্রায় ২৮ কোটি টকা৷ অৱশ্যে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই যোৱা নৱেম্বৰ মাহৰ প্রথম সপ্তাহলৈকে ইয়াৰে ৪.২৩ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি চলিত বর্ষত অসমৰ বিভিন্ন প্রান্তত ধৰা পৰিছে চাইবাৰ অপৰাধী চক্র৷ উল্লেখ্য যে গ্রেপ্তাৰ শব্দটো থাকিলেও ‘ডিজিটেল এৰেষ্ট’ৰে ইয়াৰ কোনো সম্পর্ক নাই৷ প্রকৃততে ই হৈছে চাইবাৰ প্রতাৰণাৰ এখন জাল৷ চাইবাৰ অপৰাধী চক্রৰ বাবে ই এক নতুন অস্ত্র৷ ‘ডিজিটেল এৰেষ্ট’ৰ প্রতাৰক চক্রই চিবিআই, নার্ক’টিকছ শাখা, আৰবিআই, ট্রাই, এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, শুল্ক, আয়কৰ আদিৰ দৰে কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ বিষয়াৰ পৰিচয় দি টার্গেট কৰি লোৱা সাধাৰণ জনতাক ফোন কৰে৷ ফোনত সংশ্লিষ্ট ব্যক্তিজনৰ বিৰুদ্ধে কোনো গুৰুতৰ অভিযোগ লাভ কৰা বুলি ভীতিগ্রস্ত কৰি তোলা হয়৷ কেতিয়াবা এনে অভিযোগ সংশ্লিষ্ট ব্যক্তিজনৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে লাভ কৰা বুলিও জানিবলৈ দিয়ে প্রতাৰক চক্রই৷ কোৱা হয়– নির্দিষ্ট অভিযোগৰ বিপৰীতে পর্যাপ্ত তথ্য–প্রমাণ আছে৷ এবাৰ এই ফান্দত ভৰি দিলেই চাইবাৰ অপৰাধী চক্রই ‘ডিজিটেল এৰেষ্ট’ কৰে সংশ্লিষ্ট ব্যক্তিজনক৷