নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেমত পৰি মাফিয়াৰে পলায়ন, ঘৰলৈ উভতি চৰম পথ আমোলাৰ পত্নীৰ

🔹 গুজৰাটৰ ঘটনাক লৈ চাঞ্চল্য

বিশেষ বাৰ্তা, ২৪ জুলাই : কুখ্যাত মাফিয়াৰ প্রেমত পৰি স্বামীৰ সংসাৰ ত্যাগ কৰিছিল এগৰাকী মহিলাই৷ তাৰ পাছত ৯ মাহ পাৰ হৈ গৈছিল৷ যোৱা শনিবাৰে পুনৰ নিজৰ ঘৰলৈ ঘূৰি আহে মহিলাগৰাকীয়ে৷ ঘৰলৈ ঘূৰি আহিয়েই মহিলাগৰাকীয়ে চৰম পথ বাছি লোৱাৰ চেষ্টা চলায়৷ গুৰুতৰভাৱে অসুস্থ অৱস্থাত মহিলাগৰাকীক হাস্পতালত ভর্তি কৰোৱা হয় যদিও হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে মহিলাগৰাকীয়ে৷ মহিলাগৰাকীৰ স্বামী এগৰাকী আইএএছ বিষয়া৷ সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি মৃত মহিলাগৰাকী তামিলনাডুৰ বাসিন্দা৷ নাম সূর্য জে৷ গুজৰাটৰ বাসিন্দা ৰঞ্জিত সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সূর্য জে৷ তাৰ পাছৰে পৰা গুজৰাটতে আছিল মহিলাগৰাকী৷ কিন্তু ৯ মাহ পূর্বে হঠাতে মহিলাগৰাকীয়ে ঘৰৰ পৰা পলায়ন কৰে৷ ‘মহাৰাজ হাইক’ৰ্ট’ নামৰ এজন গেংষ্টাৰৰ সৈতে পলায়ন কৰিছিল সূর্যই৷ শনিবাৰে গান্ধীনগৰৰ ঘৰলৈ ঘূৰি আহি চৰম পথ বাছি লয় মহিলাগৰাকীয়ে৷

You might also like