মণিপুৰসহ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যলৈ ভাবুকি
ভাৰত–ম্যানমাৰৰ মাজৰ ১,৬৯৩ কিলোমিটাৰ সীমান্তত অহৰহ নিৰীক্ষণ ব্যৱস্থাৰ পৰামর্শ
নিউজ ডেস্ক, ৩ মাৰ্চঃ ম্যানমাৰত চীনৰ হস্তক্ষেপে ভাৰতৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷ প্রধানতঃ মণিপুৰসহ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যলৈ ম্যানমাৰক চীনে সহায় কৰি থকাৰ বাবেই ভাবুকি অহা বুলি কেন্দ্রীয় চোৰাংচোৱা সংস্থাই সতর্কবাণী জাৰি কৰিছে৷ ম্যানমাৰৰ সামৰিক জুণ্টা আৰু গোষ্ঠী বিশেষকৈ আৰাকান আর্মীৰ মাজত চলি থকা সংঘাতত চীনে সামৰিক জুণ্টাক বিশেষভাৱে উৎসাহিত কৰি আহিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত ম্যানমাৰৰ সীমান্তৱর্তী ভাৰতৰ মণিপুৰলৈ অস্থিৰতা নামি আহিছে৷ ভাৰতৰ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য, বিশেষকৈ মণিপুৰৰ গোষ্ঠীগত সংঘর্ষৰ আঁৰতো বহিঃশক্তি জড়িত থকাৰ তথ্য চোৰাংচোৱা সংস্থাই লাভ কৰিছে৷ এই বহিঃশক্তিৰ আঁৰত চীন পৰোক্ষভাৱে জড়িত থকা বুলি ইতিপূর্বে ব্যাপকভাৱে চর্চা লাভ কৰি আহিছে৷ ভাৰত আৰু ম্যানমাৰৰ মাজত ১,৬৯৩ কিলোমিটাৰ সীমান্তই দুয়োখন দেশৰ মাজত সম্পর্ক সঠিক কৰি ৰাখিলেও উগ্রপন্থী সংগঠনৰ বাবেই সীমান্তৱর্তী অঞ্চলসমূহত সময়ে সময়ে উত্তেজনা চলি আহিছে৷ ইপিনে, চীনে অত্যাধুনিক ৰাডাৰ ছিষ্টেম এলপিএআৰ স্থাপন কৰি অঞ্চলটোত এক ধৰণৰ শংকাৰ সৃষ্টি কৰি আহিছে৷ কিয়নো চীনে স্থাপন কৰা এলপিএআৰ ম্যানমাৰ সীমান্তত প্রত্যক্ষভাৱে জড়িত হৈ আছে৷ আনপিনে সামৰিক শক্তিৰ সমান্তৰালকৈ চীনে ম্যানমাৰৰ ওপৰত অর্থনৈতিক আৰু ৰাজনৈতিক আধিপত্য বিস্তাৰো কৰিছে৷ এনে কৌশলেৰেই ম্যানমাৰত হস্তক্ষেপ কৰি চীনে ভাৰতৰ উত্তৰ–পূর্বাঞ্চল অস্থিৰ কৰি ৰখাৰ সম্ভাৱনাও প্রকট হৈছে৷ কেন্দ্রীয় চোৰাংচোৱা সংস্থাই সীমান্ত অঞ্চলত অহৰহ নিৰীক্ষণৰ পৰামর্শ আগবঢ়াইছে৷