নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৰ–কৰাচী ষ্টেডিয়ামত নাই ভাৰতৰ পতাকা

🔹 চেম্পিয়নছ ট্রফীৰ প্রাকমুহূর্তত পুনৰ বিতর্কত পাকিস্তান

নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : আইচিচি চেম্পিয়নছ ট্রফীলৈ মাজত মাথোঁ কেইটামান ক্ষণ বাকী ৷ ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব আইচিচিৰ সন্মানীয় প্রতিযোগিতাখন৷ প্রতিযোগিতাখনলৈ মাজত মাথোঁ কেইটামান ক্ষণ বাকী থকা অৱস্থাত আন এক বিতর্কৰ মাজত সোমাই পৰিছে আয়োজক পাকিস্তান৷ পাকিস্তানৰ লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’ব আইচিচি চেম্পিয়নছ ট্রফীৰ মেচ৷ যিকোনো আইচিচি প্রতিযোগিতাৰ নিয়ম হ’ল খেলখন খেলা ষ্টেডিয়ামত অংশগ্রহণ কৰা সকলো দেশৰ জাতীয় পতাকা থাকিব৷ লগতে থাকিব আইচিচিৰ পতাকা৷ চেম্পিয়নছ ট্রফীত ৮খন দেশে ভাগ ল’ব৷ গতিকে, পাকিস্তানৰ তিনিওখন ষ্টেডিয়ামতে ৮খন দেশৰ পতাকা থাকিব লাগে৷ ২০২৩ চনত ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ সময়তো দেখা গৈছিল৷ ইডেনকে ধৰি ভাৰতৰ প্রতিখন খেলপথাৰতে সকলো দেশৰ জাতীয় পতাকা আছিল৷ সেইটোৱেই নিয়ম৷ কিন্তু চেম্পিয়নছ ট্রফী আৰম্ভ হোৱাৰ এদিন পূর্বে লাহোৰ আৰু কৰাচী ষ্টেডিয়ামৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্রচাৰ হৈছে৷ দেখা যায় যে দুয়োখন ষ্টেডিয়ামত ভাৰতৰ বাহিৰে সকলো দেশৰ জাতীয় পতাকা আছে৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে আৰম্ভ হৈছে পুনৰ বিতর্ক৷ পাকিস্তান ক্রিকেট ব’র্ডে ইচ্ছাকৃতভাৱে এই ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভাৰতীয় অনুৰাগীয়ে৷ ভাৰতীয় জাতীয় পতাকা লাহোৰ আৰু কৰাচী ষ্টেডিয়ামত কিয় নাই, সেই সন্দর্ভত পিচিবি অথবা আইচিচিয়ে কোনোধৰণৰ মন্তব্য এতিয়ালৈকে আগবঢ়োৱা নাই৷ অৱশ্যে দুটা সম্ভাব্য কাৰণ উন্মোচিত হৈছে৷ প্রথম কথা, পাকিস্তান চেম্পিয়নছ ট্রফীৰ আয়োজক দেশ হ’লেও ভাৰতে তেওঁলোকৰ সকলো মেচ ডুবাইত খেলিব৷ পাকিস্তানত অংশ লোৱাৰ পৰা বিৰত থাকিব৷ অৱশ্যে বাকী সাতখন দেশে পাকিস্তানত মেচ খেলিব৷ সেইবাবেই হয়তো তাত থকা ষ্টেডিয়ামত ভাৰতৰ বাহিৰে সাতখন দেশৰ জাতীয় পতাকা স্থাপন কৰা হৈছে৷ দ্বিতীয়তে, পিচিবিয়ে ভাৰতক পাকিস্তানত খেলিবলৈ আমন্ত্রণ জনাইছিল৷ কিন্তু নিৰাপত্তাজনিত কাৰণত ভাৰতে চুবুৰীয়া ৰাষ্ট্রখনলৈ যাব বিচৰা নাছিল৷ ইয়াৰ ফলত আন্তঃৰাষ্ট্রীয় পর্যায়ত পাকিস্তানৰ ভাবমূর্তি কিছু কলংকিত হৈছে৷ ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ এই পদক্ষেপৰ বাবেই পাকিস্তান ক্রিকেট ব’র্ডে এই ঘটনা সংঘটিত কৰিছে৷ কাৰণ যিয়েই নহওক, এই ঘটনাই যে বিতর্কত আৰু অধিক ইন্ধন যোগাইছে, তাত কোনো সন্দেহ নাই৷

You might also like