নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়া দলত নাই এজনো ভাৰতীয়

🔹 আইচিচিৰ এদিনীয়া ক্রিকেট একাদশ

নিউজ ডেস্ক, ২৫ জানুৱাৰী : আজি এদিনীয়া ক্রিকেটৰ বর্ষশ্রেষ্ঠ একাদশ প্রকাশ কৰিছে আইচিচিয়ে৷ ২০২৪ চনত এদিনীয়া ক্রিকেটত উন্নত প্রদর্শন দাঙি ধৰা উন্নত প্রদর্শনৰ ভিত্তিত এই একাদশ বাছনি কৰা হৈছে৷ অৱশ্যে এই তালিকাত অন্তর্ভুক্ত হোৱা নাই এজনো ভাৰতীয় ক্রিকেটাৰ৷ কেৱল সেয়াই নহয়, অষ্ট্রেলিয়া, দক্ষিণ আফ্রিকা, ইংলেণ্ড, বাংলাদেশৰ ক্রিকেটাৰেও দলত স্থান পোৱা নাই৷ আচলতে যোৱা বছৰ মাত্র তিনিখন এদিনীয়া মেচ খেলিছে ভাৰতে৷ শ্রীলংকাৰ বিৰুদ্ধে খেলা এই মেচ তিনিখনৰ এখনতো বিজয়ী হ’ব পৰা নাছিল টীম ইণ্ডিয়াই৷ দুখন মেচ ড্র হৈছে আৰু এখন মেচ টাই ৰূপে সমাপ্ত হৈছে৷ সেইবাবে স্বাভাৱিকতে ভাৰতৰ কোনো ক্রিকেটাৰে বর্ষশ্রেষ্ঠ একাদশত সুযোগ পোৱা নাই৷ অষ্ট্রেলিয়া আৰু ইংলেণ্ডেও অতি কম এদিনীয়া ক্রিকেট খেলিছে৷ সেইবাবে তেওঁলোকৰ ক্রিকেটাৰেও আইচিচি একাদশত স্থান পোৱা নাই৷ বর্ষশ্রেষ্ঠ একাদশত শ্রীলংকাৰ চাৰিজন ক্রিকেটাৰে স্থান লাভ কৰিছে৷ পাকিস্তান আৰু আফগানিস্তানৰ পৰা আহিছে তিনিজনকৈ ক্রিকেটাৰ৷ এজন আহিছে ৱেষ্ট ইণ্ডিজৰ পৰা৷ বর্ষশ্রেষ্ঠ দলটোৰ অধিনায়ক শ্রীলংকাৰ ছৰিথ আছালংকা৷ তেওঁ ১৬খন মেচত ৬০৫ ৰান সংগ্রহ কৰিছে৷ ইয়াৰ ভিতৰত আছে এটা শতৰান আৰু চাৰিটা অর্ধশতৰান৷ যোৱা বছৰ ১৮খন এদিনীয়া মেচ খেলিছে দলটোৱে৷ ইয়াৰে ১২খন মেচত জয়লাভ কৰিছে৷ আনহাতে ৯খন মেচ খেলি পাকিস্তানে ৭খনত আৰু আফগানিস্তানে ১৪খন মেচ খেলি ৮খনত বিজয়ী হৈছে৷

You might also like