নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-পাকৰ যুদ্ধবিৰতিৰ আঁৰত নাই কোনো তৃতীয় পক্ষ

🔹 ভাৰতৰ ভয়াৱহ আক্রমণত যুদ্ধবিৰতিৰ বাবে বাধ্য হৈছিল পাকিস্তান

নিউজ ডেস্ক, ১৩ মে’ : ভাৰত আৰু পাকিস্তানৰ যুদ্ধবিৰতিত তৃতীয় পক্ষ জড়িত থকা বুলি ব্যাপক চর্চাৰ বিষয় হৈ উঠিছে৷ চাৰি দিন ধৰি ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা অঘোষিত যুদ্ধৰ বিৰতি শীঘ্রে হ’ব বুলি আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ঘোষণা কৰাৰ কেইঘণ্টামান পাছতে ভাৰতৰ বৈদেশিক মন্ত্রালয়ে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ এনে পৰিপ্রেক্ষিততে ভাৰত আৰু পাকিস্তানৰ যুদ্ধবিৰতিত তৃতীয় পক্ষ জড়িত থকা বুলি চর্চিত হৈছে৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰত চৰকাৰৰ শীর্ষ সূত্রই প্রকাশ কৰা মতে, ভাৰত–পাকিস্তানৰ যুদ্ধবিৰতিত তৃতীয় পক্ষৰ হস্তক্ষেপ নাই৷ ভাৰতৰ প্রচণ্ড আক্রমণত বিতত হৈয়েই পাকিস্তানে যুদ্ধবিৰতিৰ বাবে আগবাঢ়ি আহিবলৈ বাধ্য হৈছে৷ ভাৰতৰ ভয়াৱহ আক্রমণত পাকিস্তানী সেনাই ত্রাহি মধুসূদন সুঁৱৰিছিল৷ আনকি পাকিস্তানৰ বায়ু প্রতিৰক্ষা ব্যৱস্থা ভাৰতে তচনচ কৰাৰ লগতে চিৰবৈৰী ৰাষ্ট্রখনে চলোৱা ড্রোন আৰু মিছাইল আক্রমণ সম্পূর্ণৰূপে প্রতিহত কৰে৷ পাকিস্তানৰ বায়ু প্রতিৰক্ষা ব্যৱস্থাকে ধৰি কেইবাটাও বিমানবন্দৰ বিধ্বস্ত কৰি তোলা আৰু ভাৰতীয় আধুনিক অস্ত্রত বিতত হৈ পাকিস্তানে যুদ্ধবিৰতিৰ বাবে আগবাঢ়ি আহিছে৷ পাকিস্তানে জম্মু–কাশ্মীৰৰ পৰা পঞ্জাবলৈকে চলোৱা সকলো আক্রমণ বন্ধ কৰাৰ আগ্রহেৰে নতুন দিল্লীৰ ওচৰ চাপে৷ ইয়াৰ পিছতে পৰিস্থিতি সলনি হৈ যায়৷ লক্ষণীয় যে পাকিস্তানৰ ভূমিত ভাৰতে মিছাইলেৰে আক্রমণ কৰি ক্ষত–বিক্ষত কৰি তোলে৷ এই তথ্য মার্কিন যুক্তৰাষ্ট্রৰ বৈদেশিক সচিব মার্কো ৰুবিয়োই ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰৰ পৰা জ্ঞাত হয়৷ পাকিস্তানৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ পাছত দেশখনৰ ডিজিএমঅ’ই ভাৰতৰ ডিজিএমঅ’ৰ সৈতে টেলিফোনিক বার্তালাপ কৰি যুদ্ধবিৰতিৰ আগ্রহ প্রকাশ কৰে৷ তথ্য মতে, ভাৰতৰ নিখুঁত আক্রমণৰ ফলত পাকিস্তানৰ বায়ু প্রতিৰক্ষা ব্যৱস্থা আৰু ৰাডাৰ বিধ্বস্ত হৈ পৰে৷ পাকিস্তানী সেনাৰ ইছলামাবাদস্থিত সামৰিক ঘাটিতো আক্রমণ সংঘটিত হয়৷ ইয়াকে লৈ শংকিত ইছলামাবাদে অৱশেষত নতুন দিল্লীৰ সৈতে যুদ্ধবিৰতিৰ প্রস্তাৱ আগবঢ়ায়৷ ৭, ৮, ৯ আৰু ১০ মে’ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ভূমিত ভাৰতে নিখুঁত আক্রমণেৰে পাকিস্তানৰ সেনাৰ মনোবল হ্রাস কৰি পেলায়৷ এনে পৰিপ্রেক্ষিততেই পাকিস্তানৰ ডিজিএমঅ’ই ভাৰতৰ ডিজিএমঅ’ৰ সৈতে টেলিফোনিক বার্তালাপ কৰি স্থল, জল আৰু আকাশত সকলো সামৰিক অভিযান বন্ধৰ বাবে আহ্বান জনায়৷ এই বার্তালাপৰ পাছতে নতুন দিল্লী আৰু ইছলামাবাদৰ মাজত আলোচনাৰ অন্তত যুদ্ধবিৰতি ঘোষণা কৰা হয়৷

You might also like