নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোকাতুৰ জনতাক খুৱাইছে হাতী-জলহস্তীৰ মাংস

🔹 ভয়াৱহ খাদ্য সংকট : ৭২৩টা বিশালদেহী প্রাণী বধৰ সিদ্ধান্ত চৰকাৰৰ

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : ভয়াৱহ খৰাং পৰিস্থিতিৰ সন্মুখীন হৈছে আফ্রিকান দেশ নামিবিয়া৷ খাদ্য সংকটৰ সন্মুখীন হৈছে দেশখনৰ বহু বাসিন্দা৷ এনে পৰিস্থিতিত ৭২৩টা বিশাল প্রাণী বধ কৰাৰ সিদ্ধান্ত লৈছে নামবিয়াৰ বন আৰু পর্যটন মন্ত্রালয়ে৷ ক্রমবর্ধমান খাদ্য সংকটৰ মোকাবিলা কৰিবলৈ এই পদক্ষেপ গ্রহণ কৰা হৈছে বুলি বন আৰু পর্যটন মন্ত্রালয়ৰ পৰা এক বিবৃতি প্রকাশ কৰা হৈছে৷ বৰষুণৰ অভাৱৰ বাবে দেশজুৰি কৃষিকার্য ব্যাহত হৈ পৰিছে৷ উৎপাদন হ্রাস পাইছে কৃষিৰ৷ দেশৰ শস্যৰ ভাণ্ডাৰো হ্রাস পাইছে৷ এনে পৰিস্থিতিত নামিবিয়াৰ জনসাধাৰণৰ বৃহৎ অংশ এটাই অর্ধাহাৰে থাকিবলগীয়া হৈছে৷ যোৱা মাহত ৰাষ্ট্রসংঘৰ প্রতিবেদনত প্রকাশ পাইছিল যে নামিবিয়াৰ জনসংখ্যাৰ প্রায় আধাসংখ্যকে খাদ্য সংকটৰ বাবে নিৰাপত্তাহীনতাত ভুগিছে৷ এই বিষয়টো চিন্তা কৰি দেশৰ জীৱ–জন্তুবোৰ বধ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ দেশবাসীক এই জীৱ–জন্তুৰ মাংস খাদ্য হিচাপে প্রদান কৰিব চৰকাৰে৷ নামিবিয়া চৰকাৰে যি বিশালদেহী জীৱ–জন্তু বধ কৰাৰ সিদ্ধান্ত লৈছে, সেই তালিকাত আছে হাতী, জলহস্তী, ম’হ, জেব্রা, ইম্পালা, জিৰাফ আদি৷ নামিবিয়া চৰকাৰে বিবৃতিত উল্লেখ কৰা অনুসৰি প্রথম অৱস্থাত ৩০টা জলহস্তী, ৬০টা ম’হ, ৫০টা ইম্পালা, ১০০টা নীল ৱাইল্ডাৰবিষ্ট, ৩০০টা জেব্রা, ৮৩টা হাতী আৰু কেইবাটাও জিৰাফ বধ কৰিব৷ মুঠ ৭২৩টা বিশালদেহী প্রাণীৰ মাংস ক্ষুধার্ত লোকসকলৰ মাজত বিতৰণ কৰা হ’ব৷ এই প্রাণীবোৰ ৰাষ্ট্রীয় উদ্যান আৰু ইয়াৰ সমীপৱর্তী অঞ্চলৰ পৰা সংগ্রহ কৰা হৈছে৷ পেছাদাৰী চিকাৰীসকলক এই বন্যপ্রাণীবোৰ চিকাৰৰ দায়িত্ব প্রদান কৰা হৈছে৷ এতিয়ালৈকে মাংগেট্টিত বিভিন্ন প্রজাতিৰ ১৫৭টা প্রাণী চিকাৰ কৰা হৈছে৷ এই প্রাণীবোৰৰ পৰা ৫৬,৮৭৫ কিলোগ্রাম মাংস সৰবৰাহ কৰা হৈছে৷ বাকী প্রাণীবোৰ শীঘ্রেই চিকাৰ কৰি তাৰ মাংস ভোকাতুৰ দেশবাসীৰ মাজত বিতৰণ কৰিব নামিবিয়া চৰকাৰে৷ লক্ষণীয়ভাৱে জলবায়ু পৰিঘটনা এল নিনোৰ বাবে নামিবিয়া ভয়াৱহ খৰাঙৰ কবলত পৰা বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷

You might also like