নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষ্টুডিঅ’ত প্রৱেশ কৰি ৰেডিঅ’ এংকৰক গুলীয়াই হত্যা

🔹 ফিলিপাইনছত চাঞ্চল্য

বিশেষ বাৰ্তা, ৭ নৱেম্বৰ : ফিলিপাইনছৰ ষ্টুডিঅ’ত প্রৱেশ কৰি ৰেডিঅ’ এংকৰ এজনক দুর্বৃত্তই গুলীয়াই হত্যা কৰা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জুৱান জুমালন নামৰ এগৰাকী সাংবাদিক–এংকৰে মিণ্ডানাও অঞ্চলত নিজেই এটা ৰেডিঅ’ চেনেল চলাইছিল৷ এই চেনেলটোৰ জৰিয়তে শ্রোতাসকলৰ মাজত জনপ্রিয়তাও লাভ কৰিছিল জুৱান জুমালনে৷ কিন্তু পৰহি হঠাতে এক অচিনাক্ত দুর্বৃত্তই জুৱানৰ ষ্টুডিঅ’ত প্রৱেশ কৰি নির্বিচাৰভাৱে গুলীচালনা কৰে৷ গুলীৰ আঘাতত ঘটনাস্থলীতে নিহত হয় ৫৭ বছৰীয়া জুৱান৷ হত্যা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ সময়ত জুৱানৰ ডিঙিৰ পৰা সোণৰ চেইন খুলি লৈ যায় দুর্বৃত্তই৷ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও কোনো লোকক গ্রেপ্তাৰ কৰা নাই৷ বিগত বর্ষত ৪গৰাকী সাংবাদিকক দেশখনত হত্যা কৰিছিল দুর্বৃত্তই৷

You might also like