ৰাজস্থানৰ মন্দিৰত প্রণাম কৰি চোৰে লুটি নিলে সমস্ত
বিশেষ বাৰ্তা, ২০ মার্চ : মন্দিৰত প্রৱেশ কৰিয়েই ভক্তিত গদগদ হৈ প্রথমতে প্রণাম৷ তাৰ পাছতে দানপাত্রৰ পৰা সমস্ত ধন জেপত ভৰালে ‘ভক্ত’ই৷ অকল নগদ টকাই নহয়, মন্দিৰৰ অন্য মূল্যৱান সামগ্রীও চুৰি কৰিলে৷ সমস্ত লুটিপুতি লোৱাৰ পাছত মন্দিৰৰ ঘণ্টা বজাই বাহিৰলৈ ওলাই গ’ল লম্পট৷ ৰাজস্থানৰ এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত৷ ৰাজস্থানৰ আলৱাৰৰ এটা মন্দিৰৰ ঘটনা এয়া৷ মন্দিৰটোৰ তলা ভাঙি প্রৱেশ কৰিছিল চোৰ৷ বিদ্রোহৰ সন্মুখত উপস্থিত হৈ হাতযোৰ কৰি প্রথমতে চোৰে প্রার্থনা কৰে৷ কিন্তু ইয়াৰ পাছতেই চমক৷ উল্লেখনীয় যে মন্দিৰৰ মূর্তিৰ ৰূপৰ গহনা তথা অন্যান্য সামগ্রীও চোৰটোৱে লুটি নিয়া ভিডিঅ’ বন্দী হৈছে চিচি টিভি কেমেৰাত৷ লক্ষণীয়ভাৱে আৰক্ষীৰ তৎপৰতাত কম সময়ৰ ভিতৰতে এই ভক্তৰূপী চোৰ ধৰা পৰে৷ অভিযুক্তৰ নাম গোপেশ শর্মা৷ দীর্ঘদিনৰ পৰা গোপেশ শর্মাই অঞ্চলটোৰ মন্দিৰত চুৰি কৰি আহিছে৷