বায়ুসেনাৰ বাবে এইবাৰ তেজছ মার্ক–১এ
🔹 আমেৰিকাই প্রেৰণ কৰিলে এফ ৪০৪ ইঞ্জিন
নিউজ ডেস্ক, ২৭ মার্চ : ভাৰত–আমেৰিকাৰ সম্পর্কত নতুন মোৰ আনিলে তেজছ মার্ক–১এ–ই৷ দেশীয় প্রযুক্তিত নির্মিত যুদ্ধ বিমানৰ বাবে ড’নাল্ড ট্রাম্প চৰকাৰে দিয়া প্রতিশ্রুতি অনুসৰি আমেৰিকাৰ পৰা ভাৰতলৈ প্রেৰণ কৰা হৈছে এলএফ–৪০৪ আইএন২০ ইঞ্জিন৷ এই ইঞ্জিনৰ নির্মাতা সংস্থা হৈছে জেনেৰেল ইলেক্ট্রিকছ (জিই)৷ এৰ’স্পেচে প্রথম ইঞ্জিনটো পৰহি প্রেৰণ কৰিছে তেজছ নির্মাণকাৰী ৰাষ্ট্রীয় সংস্থা হিন্দুস্তান এৰ’নেটিকেল লিমিটেডলৈ৷ সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰা হৈছে এই তথ্য৷ চলিত বর্ষত জিই এৰ’স্পেচে ১২ ইঞ্জিন ভাৰতলৈ প্রেৰণ কৰিব বুলি প্রতিৰক্ষা মন্ত্রালয়ৰ এক সূত্রই সদৰী কৰিছে৷ উল্লেখনীয় যে জ’ বাইডেন ৰাষ্ট্রপতি থকা সময়ত ২০২৩ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আমেৰিকা ভ্রমণলৈ যোৱা অৱস্থাত এফ ১০৪ ইঞ্জিন সৰবৰাহৰ বাবে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ হৈছিল৷ প্রাথমিকভাৱে ২০২৩ চনৰ শেষ ভাগত এই ইঞ্জিন সৰবৰাহ কৰাৰ কথা আছিল৷ কিন্তু সেয়া হৈ নুঠিল৷ ড’নাল্ড ট্রাম্প ৰাষ্ট্রপতি হোৱাৰ পিছত শুল্ক বিষয়ক কেন্দ্র কৰি এই প্রক্রিয়া সন্দর্ভত সৃষ্টি হৈছিল অনিশ্চয়তা৷ মোদীৰ শেহতীয়া আমেৰিকা ভ্রমণৰ সময়ত এইক্ষেত্রত থকা সকলো বাধাৰ অন্ত পৰে৷ সূত্রই সদৰী কৰা অনুসৰি মোদীয়ে আমেৰিকা ভ্রমণৰ সময়ত এই ইঞ্জিন ভাৰতলৈ শীঘ্রে প্রেৰণ কৰিব লাগে বুলি ড’নাল্ড ট্রাম্পক অনুৰোধ জনাইছিল৷ ৭১ কোটি ৬০ লাখ ডলাৰ চুক্তি অনুসৰি হিন্দুস্তান এৰ’নেটিকেল লিমিটেডৰ ৯৯টা এফ ৪০৪ আইএন ২০ ইঞ্জিন আমেৰিকাৰ পৰা লাভ কৰিব৷ ভাৰতীয় মুদ্রাৰ হিচাপত এই মূল্য ৬১৫৭ কোটি টকা৷ বায়ুসেনাৰ সূত্রই সদৰী কৰা অনুসৰি, মূলতঃ ষাঠিৰ দশকৰ মিগ–২১ৰ পৰিৱর্তে পাতল তেজছ যুদ্ধ বিমানবোৰ ব্যৱহাৰ কৰা হ’ব৷ আগন্তুক কেইবছৰমানৰ ভিতৰত বায়ুসেনাত তিনি শতাধিক তেজছ যুদ্ধ বিমান চামিল কৰা হ’ব৷