নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রসংঘৰ প্রতিবেদনত চাঞ্চল্যকৰ তথ্যঃ এহাজাৰ বৃহৎ বান্ধে ভাৰতলৈ কঢ়িয়াব বিপর্যয়

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ ভাৰত–আমেৰিকা তথা অন্যান্য বিভিন্ন দেশত থকা পুৰণি নদীবান্ধসমূহে বৃহৎ বিপর্যয় কঢ়িয়াই আনিব পাৰে৷ ৰাষ্ট্রসংঘৰ এক প্রতিবেদনত সদৰী হৈছে এই তথ্য৷ ৰাষ্ট্রসংঘৰ বিশ্ববিদ্যালয়ৰ কানাডাস্থিত জল, পৰিৱেশ আৰু স্বাস্থ্য প্রতিষ্ঠানে চলোৱা সমীক্ষা অনুসৰি বিশ্বজুৰি ৫৮,৭০০ বৃহৎ বান্ধ আছে, যিবোৰ নির্মাণ কৰা হৈছে ১৯৩০ৰ পৰা ১৯৭০ চনৰ ভিতৰত৷ এই বান্ধসমূহৰ ম্যাদ সাধাৰণতে ৫০ৰ পৰা ১০০ বছৰ হ’ব পাৰে৷ ভাৰতত এহাজাৰতকৈ অধিক বৃহৎ বান্ধৰ নির্মাণকার্যৰ ৫০ বছৰ সম্পূর্ণ হ’ব ২০২৫ চনৰ ভিতৰত৷ এই বান্ধসমূহে দেশখনৰ বাবে বৃহৎ বিপর্যয় কঢ়িয়াই আনিব পাৰে৷

ৰাষ্ট্রসংঘৰ প্রতিবেদন অনুসৰি ২০৫০ৰ ভিতৰত বিশ্বৰ বিভিন্ন দেশ পুৰণি নদীবান্ধসমূহৰ বাবে সংকটৰ সন্মুখীন হ’ব৷ ‘এজিং ৱাটাৰ ইনফ্রাষ্ট্রাকচাৰ ঃ এন এমার্জিং গ্ল’বেল ৰিস্ক’ শীর্ষক প্রতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে আগন্তুক তিনিটা দশকৰ ভিতৰত পৃথিৱীৰ গৰিষ্ঠসংখ্যক লোকে বাস কৰিব বিংশ শতিকাত নির্মাণ কৰা বান্ধসমূহৰ নামনি অঞ্চলত৷ গতিকে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব জনসাধাৰণ৷ স্মর্তব্য যে পুৰণি বহু বান্ধ ভাঙি পৰাৰ ফলত ইতিমধ্যে বিশ্বৰ বিভিন্ন প্রান্তত নামনি অঞ্চলৰ বাসিন্দাসকল সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এনে ঘটনাত বহু লোকে প্রাণো হেৰুৱাইছে পৃথিৱীত৷

ৰাষ্ট্রসংঘৰ এই প্রতিবেদন অনুসৰি আমেৰিকা, ফ্রান্স, কানাডা, ভাৰত, জাপান, জাম্বিয়া আৰু জিম্বাব’ৱেৰ বহু পুৰণি বান্ধৰ ওপৰত বিশ্লেষণ চলোৱা হৈছে৷ বিশ্বৰ ৩২,৭১৪টা অর্থাৎ ৫৫ শতাংশ বৃহৎ বান্ধ আছে এছিয়াৰ চাৰিখন দেশত৷ এই চাৰিখন দেশ হৈছে চীন, ভাৰত, জাপান আৰু দক্ষিণ কোৰিয়া৷ চাৰিওখন দেশৰ বৃহৎ বান্ধবোৰৰ নির্মাণৰ সময় আগন্তুক ৫ বছৰৰ ভিতৰত ৫০ বছৰ উকলিব৷

You might also like