নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এণ্টার্কটিকাৰ বৰফত অস্বাভাৱিক গাঁথনি আৱিষ্কাৰ

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ মার্কিন মহাকাশ গৱেষণা সংস্থা (নাছা)ই এণ্টার্কটিকাৰ বৰফত সাতমাইল দৈর্ঘ্যৰ এক বিশেষ গাঁথনি ধৰা পেলাইছে৷ বৰফৰ ওপৰত উপগ্রহই এই সাতমাইল দৈর্ঘ্যৰ বিশেষ গাঁথনিৰ আলোকচিত্র সংগ্রহ কৰাৰ পিছতে বিজ্ঞানীসকল ইয়াক লৈ লৈ নামি পৰিছে অনুসন্ধানত৷ বিজ্ঞানীসকলে সন্দেহ কৰা অনুসৰি বৰফৰ ওপৰত কিবা গধুৰ বস্তু ওপৰৰ অৱতৰণ কৰাৰ ফলতেই এই বিশেষ গাঁথনিৰ দৰে চিহ্ণৰ সৃষ্টি হৈছে৷ অৱশ্যে ইয়াক লৈ এতিয়াও বিজ্ঞানীসকল কোনো নিশ্চিত সিদ্ধান্তত উপনীত হোৱা নাই৷

ডেইলী এক্সপ্রেছৰ প্রতিবেদন অনুসৰি কেইবাগৰাকী বিজ্ঞানীয়ে বৰফৰ ওপৰত গধুৰ বস্তু পৰি বহু দূৰলৈ সেই বস্তু পিছলি যোৱাৰ বাবেই এনে চিহ্ণৰ সৃষ্টি হৈছে বুলি কয়৷ লক্ষণীয়ভাৱে ডেইলী এক্সপ্রেছৰ সাংবাদিক জ’ পাপালার্ডোৱেও ইয়াক ওপৰৰ পৰা কোনো বস্তু অৱতৰণৰ সময়ত সৃষ্টি হোৱা চিহ্ণ বুলি ধাৰণা কৰিছে৷ অৱশ্যে উপগ্রহ ছবিৰ ওপৰত এতিয়াও চলি আছে পর্যালোচনা৷ নাছাৰ বিজ্ঞানীসকলে এই ছবিসমূহ বিশ্লেষণ কৰাৰ পিছত ইয়াৰ সবিশেষ তথ্য সদৰী কৰিব বুলি ঘোষণা কৰিছে৷

You might also like