তিনিখন দেশত অনুষ্ঠিত হ’ব ২০৩০ চনৰ ফুটবলৰ মহাৰণ
🔹 বিতর্কৰ মাজতে ২০৩৪ৰ বিশ্বকাপৰ দায়িত্ব ছৌদি আৰবক
নিউজ ডেস্ক, ১৩ নৱেম্বৰ : বিতর্কৰ অৱসান৷ ২০৩৪ চনৰ ফুটবল বিশ্বকাপ আয়োজন কৰিব ছৌদি আৰবে৷ কাটাৰৰ পিছত পশ্চিম এছিয়াৰ দ্বিতীয়খন দেশ হিচাপে এই দায়িত্ব লাভ কৰিছে তেওঁলোকে৷ আনহাতে, ২০৩০ চনৰ প্রতিযোগিতা যুটীয়াভাৱে আয়োজন কৰিব স্পেইন, পর্তুগাল আৰু মৰক্কোৱে৷ বুধবাৰে আনুষ্ঠানিকভাৱে এই বিষয়ে সদৰী কৰে ফিফাৰ সভাপতি জিয়ান্নি ইনফাণ্টিন’ৱে৷ অৱশ্যে ২০৩০ চনৰ বিশ্বকাপক লৈ প্রশ্ণ উত্থাপিত নহ’লেও ২০৩৪ চনৰ বিশ্বকাপক লৈ সৃষ্টি হৈছিল বিতর্ক৷ ছৌদি আৰবৰ বাহিৰে আন কোনো দেশে ২০৩৪ চনৰ বিশ্বকাপ আয়োজনৰ বাবে দাবী জনোৱা নাছিল৷ তথাপি ফিফাই ছৌদিৰ দাবীক প্রাধান্য দিয়াত বিতর্কৰ সৃষ্টি হয়৷ অৱশ্যে বুধবাৰে ফিফা কংগ্রেছৰ প্রায় সকলো সদস্য দেশেই ছৌদি আৰবৰ দাবীক সমর্থন জনায়৷ ২০৩৪ চনৰ বিশ্বকাপ আয়োজনৰ দাবী জনাইছিল অষ্ট্রেলিয়া আৰু ইণ্ডোনেছিয়ায়ো৷ কিন্তু পিছত দেশ দুখনে তেওঁলোকৰ দাবী প্রত্যাহাৰ কৰে৷ ফলত, একমাত্র ছৌদি আৰবেই দাবীদাৰ হৈ থাকে৷ মন কৰিবলগীয়া যে ২০৩০ চনত বিশ্বকাপৰ শতবর্ষ পালিত হ’ব৷ প্রতিযোগিতাৰ মূল আয়োজক স্পেইন, পর্তুগাল আৰু মৰক্কো হ’লেও আৰু তিনিখন দেশত হ’ব বিশ্বকাপৰ মেচ৷ উদ্বোধনী তিনিখন মেচৰ এখনকৈ হ’ব আর্জেণ্টিনা, উৰুগুৱে আৰু পাৰাগুৱেত৷ অর্থাৎ একেখন বিশ্বকাপৰ মেচ অনুষ্ঠিত হ’ব ইউৰোপ, আফ্রিকা আৰু দক্ষিণ আমেৰিকাত৷ এই প্রসংগত ফিফাৰ সভাপতিগৰাকীয়ে কয় – ‘আমি আৰু অধিকসংখ্যক দেশলৈ ফুটবল সম্প্রসাৰিত কৰিব বিচাৰোঁ৷ দলৰ সংখ্যা বৃদ্ধি হ’লেও খেলৰ মান হ্রাস নাপায়৷ আচলতে আৰু অধিক দেশৰ বাবে সুযোগ সৃষ্টি হৈছে৷ মঙলবাৰে নৰৱে ফুটবল সংস্থাই জনাইছিল যে তেওঁলোকে ছৌদি আৰবৰ বিৰুদ্ধে ভোট দিব৷ মানৱ অধিকাৰ উলংঘনক লৈ বাৰে বাৰে প্রশ্ণ উত্থাপিত হোৱা এখন দেশক বিশ্বকাপ আয়োজনৰ দায়িত্ব তুলি দিয়া ফিফাৰ আদর্শৰ বিৰোধী৷ অৱশ্যে তৎসত্ত্বেও ছৌদি আৰবে বিশ্বকাপৰ দায়িত্ব লাভ কৰে৷