যুদ্ধবিৰতি-ৰ ৩ ঘণ্টা পাছতেই নির্বিচাৰ আক্রমণ পাক সেনাৰ
🔹 দুমুখীয়া পাকক উচিত প্রত্যুত্তৰ ভাৰতীয় সেনাৰ
নিউজ ডেস্ক, ১১ মে’ : কেন্দ্রীয় চৰকাৰে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি-ৰ সহমতত উপনীত হোৱা বুলি সন্ধিয়া ৬ বজাত আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ তিনি ঘণ্টাৰ পাছতে পুনৰ পাকিস্তানে যুদ্ধবিৰতি উলংঘন কৰে৷ সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰি থকা পাকিস্তানে যুদ্ধবিৰতিৰ সহমতত উপনীত হৈ তিনি ঘণ্টাৰ পাছতে জম্মু–কাশ্মীৰৰ এলঅ’চিত ধাৰাসাৰ গুলীবর্ষণ আৰম্ভ কৰে৷ কেন্দ্রীয়শাসিত অঞ্চলটোৰ পুঞ্চ, আখনুৰ, ৰাজৌৰীত যুদ্ধবিৰতি উলংঘন কৰি গোলাবর্ষণ কৰি অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ পাকিস্তানী সেনাৰ গুলীবর্ষণক তীব্র প্রত্যুত্তৰ দিছে ভাৰতীয় সেনাই৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, শ্রীনগৰত প্রচণ্ড বিস্ফোৰণৰ শব্দ শুনা যায়৷ শ্রীনগৰত ব্লেক আউট ঘোষণা কৰা হয়৷ আনহাতে, গুজৰাটৰ কুচ্ছতো পাকিস্তানী ড্রোন আকাশত দেখা বুলি দাবী কৰা হৈছে৷ ঠিক তেনেদৰে পঞ্জাবৰ প্রান্তে প্রান্তে পাকিস্তানে ড্রোনেৰে আক্রমণ কৰা বুলি প্রচাৰিত হৈছে৷ সজাগতা হিচাপে পঞ্জাবৰ জিলাকেইখনত ব্লেক আউট ঘোষণা কৰা হয়৷ ৰাজস্থানৰ কেইবাখনো চহৰত ব্লেক আউট ঘোষণা কৰা হয়৷ লক্ষণীয় যে পাকিস্তান চৰকাৰে ভাৰতৰ সৈতে যুদ্ধবিৰতিৰ সহমতত উপনীত হোৱা বুলি ঘোষণা কৰাৰ পাছতো পাকিস্তানী সেনাৰ যুদ্ধবিৰতি উলংঘনে চৰকাৰ আৰু সেনাৰ মাজত সংঘাত হৈছে নেকি তাৰ এক ইংগিত দিছে৷
জম্মু–কাশ্মীৰৰ এলঅ’চিৰ পৰা আন্তর্জাতিক সীমান্তত ধাৰাসাৰ গুলীবর্ষণ
পেহেলগামৰ নৰসংহাৰৰ প্রত্যাঘাত হিচাপে ৭ মে’ত ভাৰতীয় সেনাই চলোৱা অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানে প্রৰোচিতভাৱে জম্মু–কাশ্মীৰৰ এলঅ’চিৰ পৰা আন্তর্জাতিক সীমান্তলৈকে ধাৰাসাৰ গোলাবর্ষণ অব্যাহত ৰাখিছে৷ জম্মু–কাশ্মীৰৰ এলঅ’চিৰ সমীপত পাকিস্তানী সেনাৰ গোলাবর্ষণৰ ফলত অসামৰিক অঞ্চলৰ ব্যাপক ক্ষতি হৈছে৷ ইপিনে, গোলাবর্ষণৰ সমান্তৰালকৈ পাকিস্তানী সেনাই ভাৰতীয় চহৰক লক্ষ্য কৰি আকাশমার্গেৰে ড্রোন আক্রমণ চলাই আছে৷ পাকিস্তানী সেনাৰ ড্রোন আক্রমণ ভাৰতীয় সেনাই প্রতিহত কৰিছে যদিও দুই–এটা পাকিস্তানী ড্রোনে জম্মু–কাশ্মীৰৰ লগতে পঞ্জাবৰ কিছু স্থানত ক্ষতি কৰিছে৷ এই আক্রমণৰ মাজতে পাকিস্তানী সেনা সীমান্তলৈ অগ্রসৰ হৈছে৷ সীমান্তৰ ওচৰলৈ আগবাঢ়ি অহা পাকিস্তানী সেনাক যথোচিত প্রত্যুত্তৰ দিবলৈ ভাৰতীয় সেনাও সতর্ক আৰু সজাগ হৈ যুঁজৰ বাবে সাজু হৈ আছে৷ উল্লেখ্য যে ১৯৯৯ চনৰ কার্গিল যুদ্ধৰ পাছত পাকিস্তানে প্রথমবাৰৰ বাবে সেনাক সীমান্তলৈ আগবাঢ়িবলৈ নির্দেশ দিছে৷ ভাৰতৰ ৪খন ৰাজ্যত পাকিস্তানী সেনাই ড্রোনেৰে আক্রমণ কৰি সফল হ’ব নোৱাৰাত স্থলপথেৰে সীমান্তলৈ আগবাঢ়ি আহিছে৷ অপাৰেচন সিন্দূৰৰ বর্ণনা সংবাদ মেলযোগে দেশবাসীক অৱগত কৰি থকা কর্নেল ছোফিয়া কুৰেশ্বি আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে কালি পুৱা পাকিস্তানী সেনা সীমান্তলৈ আগবাঢ়ি অহাৰ তথ্য অৱগত কৰে৷ সংবাদ মেলত কর্নেল কুৰেশ্বিয়ে কয় যে সীমান্ত অঞ্চললৈ পাকিস্তানী সেনা আগবাঢ়ি অহাটো পর্যবেক্ষণ কৰা হৈছে৷ পৰিস্থিতি অধিক উত্তেজনাময় কৰি তুলিবলৈ পাক সেনাৰ এই আগ্রাসী পদক্ষেপক ভাৰতীয় সেনাই যথোচিত প্রত্যুত্তৰ দিবলৈ সাজু হৈ আছে৷ পাকিস্তানৰ সকলো আক্রমণ কঠোৰ হাতেৰে প্রতিহত কৰা হ’ব৷ উল্লেখ্য যে পাকিস্তানে ভাৰতৰ বিশেষকৈ জম্মু–কাশ্মীৰ, পঞ্জাব, ৰাজস্থান আৰু গুজৰাটত আক্রমণ চলাই থকাৰ পাছত কালি পুৱা ‘অপাৰেচন বুনিয়ান উল–মার্ছুছ’ আৰম্ভ কৰিছে৷