ফ’ৰ্বছৰ এশ প্রভাৱশালী নাৰীৰ তালিকাত তিনি ভাৰতীয়
🔹 ২৮সংখ্যক স্থান লাভ বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ
নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : বিশ্বৰ এশগৰাকী প্রভাৱশালী মহিলাৰ তালিকাত স্থান লাভ কৰিছে ভাৰতৰ তিনিগৰাকীয়ে৷ সদ্যপ্রকাশিত ফ’ৰ্বছৰ তালিকাত দেখিবলৈ পোৱা গৈছে প্রথম এশগৰাকী মহিলাৰ ভিতৰত আছে ভাৰতৰ বিত্তমন্ত্রী নির্মলা সীতাৰমণ৷ ইয়াৰ উপৰি মার্কিন আর্থিক আৰু বাণিজ্যিক বিষয়ক পত্রিকাৰ প্রভাৱশালী নাৰীৰ তালিকাত আছে ৰোছনি নাদাৰ মালহোত্রা আৰু কিৰণ মজুমদাৰ৷ প্রতি বছৰে এশগৰাকী প্রভাৱশালী নাৰীক লৈ তালিকা প্রকাশ কৰি আহিছে ফ’ৰ্বছে৷ চলিত বর্ষত তালিকাৰ শীর্ষত আছে ইউৰোপীয় সংঘৰ মুৰব্বী উর্ছুলা ভন ডাৰ লিয়েন৷ একেৰাহে দুবছৰ ধৰি বিশ্বৰ প্রভাৱশালী মহিলাসকলৰ তালিকাত শীর্ষ স্থানত আছে উর্ছুলা৷ দ্বিতীয় স্থানত আছে ইউৰোপীয় কেন্দ্রীয় বেংকৰ মুৰব্বী ক্রিষ্টিন লাগার্ডে৷ আনফালে তৃতীয় স্থান লাভ কৰিছে ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেলোনিয়ে৷ উল্লেখনীয় যে বিগত দুবছৰ এই তালিকাত স্থান লাভ কৰিছিল বাংলাদেশৰ নেত্রী শ্বেইখ হাছিনাই৷ কিন্তু চলিত বর্ষত বাংলাদেশত আৱামী লীগ চৰকাৰৰ পতনৰ পিছত প্রভাৱশালী মহিলাৰ তালিকাত নাই হাছিনাৰ নাম৷ এই তালিকাত ২৮সংখ্যক স্থানত আছে ভাৰতৰ বিত্তমন্ত্রী নির্মলা সীতাৰমণ৷ ২০২৪ৰ লোকসভা নির্বাচনৰ পিছতো নিজৰ পদ অক্ষত ৰাখিবলৈ সক্ষম হৈছে নির্মলাই৷ ২০১৯ চনত প্রথম ভাৰতীয় মহিলা হিচাপে দেশখনৰ পূর্ণ পর্যায়ৰ বিত্তমন্ত্রীৰ দায়িত্ব লাভ কৰে নির্মলা সীতাৰমণে৷ নির্মলাৰ সময়তে বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতি হিচাপে চিহ্ণিত হৈ পৰিছে ভাৰত৷ আগন্তুক ৩ বছৰৰ ভিতৰত ভাৰতৰ অর্থনীতিক বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা লৈছে বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷