নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৌৰজগতত আৱিষ্কাৰ তিনিটা নতুন উপগ্রহ

🔹 নেপচুন–ইউৰেনাছক প্রদক্ষিণ কৰা উপগ্রহ চিনাক্ত জ্যোতির্বিদৰ

বিশেষ বাৰ্তা, ২৫ ফেব্রুৱাৰী : সৌৰজগতত তিনিটা নতুন উপগ্রহ আৱিষ্কাৰ হৈছে৷ মানুহৰ অজ্ঞাতে এই নতুনকৈ আৱিষ্কাৰ হোৱা উপগ্রহ তিনিটা সৌৰজগতৰ গ্রহ নেপচুন আৰু ইউৰেনাছক প্রদক্ষিণ কৰি আছে৷ ইণ্টাৰনেচনেল এষ্ট্রোনমিকেল ইউনিয়নছৰ মাইনৰ প্লেনেট চেণ্টাৰে সৌৰজগতত তিনিটা নতুন উপগ্রহ আৱিষ্কাৰ হোৱা বুলি ঘোষণা কৰিছে৷ হাৱাই আৰু চিলিত থকা শক্তিশালী স্থলভাগৰ টেলিস্কোপৰ দ্বাৰা এই তিনিটা নতুন উপগ্রহৰ সন্ধান লাভ কৰা বুলি মাইনৰ প্লেনেট চেণ্টাৰে প্রকাশ কৰিছে৷ নতুনকৈ আৱিষ্কাৰ হোৱা দুটা উপগ্রহই নেপচুনক প্রদক্ষিণ কৰি থকাৰ বিপৰীতে আন এটাই ইউৰেনাছক প্রদক্ষিণ কৰি আছে৷ নতুনকৈ আৱিষ্কাৰ হোৱা এই তিনিটা উপগ্রহক ধৰি বর্তমান নেপচুন আৰু ইউৰেনাছত উপগ্রহৰ সংখ্যা ক্রমে ১৬ আৰু ২৮লৈ বৃদ্ধি পালে৷ নেপচুনত আৱিষ্কাৰ হোৱা এটা উপগ্রহৰ প্রদক্ষিণ যাত্রা অতিকৈ দীঘলীয়া৷ নেপচুনক এবাৰ প্রদক্ষিণ কৰিবলৈ প্রায় ২৭ বছৰ সময় লাগে৷ ইউৰেনাছত আৱিষ্কাৰ হোৱা উপগ্রহটোৰ ব্যাস মাত্র ৮ কিলোমিটাৰ৷ ই হৈছে সৌৰজগতৰ সবাতোকৈ সৰু উপগ্রহ৷

You might also like