তিনি বিজ্ঞানীলৈ ২০২৪ বর্ষৰ ৰসায়নৰ ন’বেল বঁটা
নিউজ ডেস্ক, ৯ অক্টোবৰ : প্র’টিন গঠনৰ পূর্বানুমানৰ বাবে কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰৰ গৱেষণাৰ বাবে তিনি বিজ্ঞানীলৈ ২০২৪ বর্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে৷ আজি ৰয়েল ছুইডিছ একাডেমীয়ে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডেভিড বেকাৰ, লণ্ডনৰ গুগল দীপমাইনৰ চি ই অ’ ডেমিছ হাছাবিছ, দীপমাইণ্ডৰ জ্যেষ্ঠ গৱেষক বিজ্ঞানী জন জাম্পাৰলৈ ২০২৪ বর্ষৰ ৰসায়নৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডেভিদ বেকাৰক ‘গণনামূলক প্র’টিন আর্হি’ৰ বাবে আৰু ডেমিছ হাছাবিছ আৰু জন জাম্পাৰলৈ প্র’টিন গঠনৰ পূর্বানুমানৰ বাবে ২০২৪ বর্ষৰ ৰসায়ন বঁটাৰে সন্মানিত কৰা হৈছে৷ ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সে এই বঁটাটিৰ আধা ধন ডেভিদ বেকাৰক আৰু আধা ধন ডেমিছ হাছাবিছ আৰু জন জাম্পাৰৰ মাজত ভগাই দিব৷ উল্লেখ্য যে প্র’টিন হৈছে বৃহৎ জটিল অণু৷ ইয়ে শৰীৰত বহুতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ এই প্র’টিন ক্ষুদ্রতম অংশ এমিন’ এছিডৰ দ্বাৰা তৈয়াৰ হয়৷ ই শৰীৰজোৰা বিভিন্ন কার্যকালত জড়িত থাকে৷ এমিন’ এছিড ২০ ধৰণৰ আছে৷ বিশেষভাৱে প্রকাশ কৰা মতে, প্র’টিনৰ গঠন আৰু কার্যক্রমণিকাত ইয়ে গুৰুত্বপূর্ণ ভূমিকা লয়৷ বিজ্ঞানী তথা ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডেভিদ বেকাৰে নতুন প্র’টিন গঠন কৰাৰ বাবে কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি সফলতা লাভ কৰিছে৷ আনহাতে, বিজ্ঞানী ডেমিছ হাছাবিছ আৰু জাম্পাৰে এ আই মডেল আলফাফ’ল্ড–২ বিকশিত কৰে৷ গুগল দ্বীপমাইণ্ড প্রকল্পৰ অংশ হিচাপে বিজ্ঞানীদ্বয়ে কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে ভার্ছুৱেলী ২০০ নিযুত প্র’টিন গঠনৰ পূর্বানুমান নিশ্চিত কৰিছিল আৰু অৱশেষত গৱেষকে এই প্র’টিনক চিনাক্ত কৰিছে৷ প্র’টিন গঠনৰ পূর্বানুমানৰ বাবে কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰেৰে ৰসায়ন বিজ্ঞানক নতুন গতি দিয়া ৩ বিজ্ঞানীক ষ্টকহোমৰ ন’বেল বঁটা কমিটীয়ে আনুষ্ঠানিক স্বীকৃতি দি ন’বেল বঁটা আগবঢ়ায়৷