নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত প্রৱেশত বাধা পাকিস্তানী ৰাষ্ট্রদূতক

নিউজ ডেস্ক, ১২ মাৰ্চঃ ভিছাসহ বৈধ অনুমতি পত্র থকা সত্ত্বেও আমেৰিকাত প্রৱেশ কৰিব নিদিলে পাকিস্তানৰ ৰাষ্ট্রদূতক সূত্রই সদৰী কৰা অনুসৰি তুর্কমেনিস্তানত নিযুক্ত পাক ৰাষ্ট্রদূত কেকে আইছান ৱাগনক লছ এঞ্জেলছ বিমানবন্দৰত প্রব্রজন বিভাগৰ বিষয়াসকলে আবদ্ধ কৰে৷ আমেৰিকাত প্রৱেশ কৰিব নিদি বিমানবন্দৰৰ পৰাই ৰাষ্ট্রদূতগৰাকীক পাকিস্তানলৈ ওভতাই পঠিওৱা হয়৷ ৱাগনৰ সৈতে কিয় এনে আচৰণ কৰা হৈছে সেই সন্দর্ভত কোনো তথ্য সদৰী কৰা নাই আমেৰিকাই৷ তুর্কমেনিস্তানত নিযুক্ত ৱাগনে ছুটী কটাবলৈ আমেৰিকালৈ যাত্রা কৰিছিল৷ বৈধ ভিছা আৰু আমেৰিকাত প্রৱেশৰ যাৱতীয় নথিপত্র আছিল ৰাষ্ট্রদূতগৰাকীৰ লগত৷ কিন্তু লছ এঞ্জেলছ বিমানবন্দৰত নমাৰ লগে লগেই প্রব্রজন বিভাগৰ বিষয়াই আবদ্ধ কৰে ৰাষ্ট্রদূতগৰাকীক৷ মার্কিন প্রশাসনৰ তৰফৰ পৰা এই সন্দর্ভত কোনোধৰণৰ তথ্য সদৰী কৰা নাই৷ উল্লেখনীয় যে কূটনীতিক হিচাপেও লছ এঞ্জেলছত কর্মৰত আছিল ৱাগন৷ পাক কনছুলেট কার্যালয়ত কনছুল জেনেৰেল হিচাপে দায়িত্ব পালন কৰিছিল কূটনীতিকগৰাকীয়ে৷ এই ঘটনা সন্দর্ভত পাক বিদেশ মন্ত্রালয়ে প্রতিক্রিয়া প্রকাশ কৰিছে৷

You might also like