নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী কর্মচাৰীৰ বাবে চাৰিদিনীয়া কর্মসপ্তাহ ঘোষণা

🔹 শিশু জন্মৰ হাৰ বৃদ্ধিত কর্মচাৰীক উৎসাহ দিয়াৰ অভিনৱ আঁচনি

নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : অভাৱনীয়ভাৱে জনসংখ্যা হ্রাস পাই আহিছে জাপানত৷ দেশখনত শিশুৰ জন্মৰ হাৰ হ্রাস পোৱা বিষয়টোক লৈ উদ্বিগ্ণ হৈ পৰিছে চৰকাৰ৷ বিশেষকৈ পুৰুষ–মহিলাসকলৰ মাজত উর্বৰা শক্তি হ্রাস পাই অহা বুলি উদ্বেগ প্রকাশ কৰিছে দেশখনৰ চিকিৎসা বিশেষজ্ঞসকলে৷ এনে পৰিস্থিতিত কামৰ চাপ হ্রাস কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ দেশখনৰ তৰুণ–তৰুণীসকলে যাতে অত্যধিক কামৰ চাপৰ বাবে পাৰিবাৰিক জীৱনত সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়, সেই বিষয়টোক নজৰত ৰাখিয়েই সপ্তাহত মাত্র চাৰি দিন কর্মদিন ৰখাৰ সিদ্ধান্ত লৈছিল চৰকাৰে৷ টকিঅ’ প্রশাসনে এই চাৰিদিনীয়া কর্মসপ্তাহৰ কথা ইতিমধ্যে ঘোষণা কৰিছে৷ আগন্তুক বর্ষৰ এপ্রিল মাহৰ পৰা চৰকাৰী কর্মচাৰীসকলে সপ্তাহত মাত্র চাৰি দিনহে কাম কৰিব লাগিব৷ তিনি দিন কর্মচাৰীসকলে পৰিয়ালত চাপমুক্তভাৱে অতিবাহিত কৰাৰ সুযোগ পাব৷ ইয়াৰ ফলত কর্মচাৰীসকলৰ পাৰিবাৰিক জীৱনৰ প্রতি আকাংক্ষা বৃদ্ধি পোৱাৰ লগতে সন্তান জন্ম দিয়াৰ প্রৱণতা বৃদ্ধি পাব বুলি ধাৰণা কৰিছে চৰকাৰে৷ টকিঅ’ মেট্র’পলিটান চৰকাৰে যোৱা সপ্তাহত এই আঁচনিৰ কথা ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে শিশুৰ জন্মৰ সময়ত বা শিশুৰ যতনৰ বাবে যাতে মুক্তময় কর্মচাৰীসকলে সময় দিব পাৰে, সেই বিষয়টোকো গুৰুত্বসহকাৰে লৈছে চৰকাৰে৷ স্মর্তব্য যে জাপানত শিশুৰ জন্মৰ হাৰ অভাৱনীয়ভাৱে হ্রাস পাইছে৷ ২০২৩ চনত দেশখনত শিশুৰ জন্মৰ হাৰ আছিল ১.২ শতাংশ৷ অর্থাৎ কোনো এখন দেশৰ জনসংখ্যা ভাৰসাম্যভাৱে থাকিবলৈ যি জন্মৰ হাৰৰ প্রয়োজন, তাতকৈও বহু তলত আছিল জাপানত জন্মৰ হাৰ৷ কোনো এখন দেশৰ জনসংখ্যা সুস্থিৰ বা স্থিতিশীল বুলি ধৰা হয়, যেতিয়া দেশখনত শিশুৰ জন্মৰ হাৰ ২.১ শতাংশ বা তাৰ ওপৰত থাকে৷ কিন্তু জাপান এই ক্ষেত্রত বহু পিছপৰি আছে৷ স্মর্তব্য যে দেশখনত যোৱা বছৰটোত মাত্র ৭,২৭,২৭৭ শিশুৰ জন্ম হৈছিল৷ এই বিষয়টোক লৈ দেশখনৰ চৰকাৰ উদ্বিগ্ণ৷ গতিকে জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ তৰুণ কর্মচাৰীসকলৰ ওপৰত থকা কামৰ চাপ হ্রাস কৰাৰ সিদ্ধান্ত লৈছে টকিঅ’ প্রশাসনে৷ অৱশ্যে আগন্তুক বর্ষৰ ১ এপ্রিলৰ পৰাহে এই নতুন নিয়ম বলৱৎ হ’ব টকিঅ’ত৷

You might also like