নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত শোকাৱহ নাও দুর্ঘটনা

🔹 ১০টি শিশু সন্ধানহীন

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : মর্মান্তিক দুর্ঘটনা বিহাৰৰ মুজফফৰপুৰত। নাও ডুবি সন্ধানহীন হৈছে ১০টা শিশু৷ কেইবাটাও সংবাদ সংস্থাৰ প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ প্রতিদিনৰ দৰে এই শিশুসকলে নাৱেৰে নদীপথেৰে স্কুললৈ গৈছিল৷ নাওখনত মুঠ ৩০টা স্কুলীয়া শিশুৃ আছিল৷ মাজপথতেই নাওখন দুর্ঘটনাত পতিত হয়৷ ২০টা শিশুক স্থানীয় প্রশাসনে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও ১০টা শিশু এই বাতৰি যুগুতোৱা পৰলৈ সন্ধানহীন হৈ আছে৷ উদ্ধাৰকার্যৰ নিজেই তদাৰক কৰি আছে মুখ্যমন্ত্রী নীতিশ কুমাৰে৷ বাগমতি নদীত সংঘটিত এই দুর্ঘটনাৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছে অস্থিৰতা৷ আজি পুৱা ৯ বজাত শিশুসকলে নাৱেৰে স্কুললৈ গৈ থকা অৱস্থাতে মাজ নদীত দুর্ঘটনাত পতিত হয় নাওখন৷ সন্ধানহীন শিশুসকলক উদ্ধাৰৰ বাবে অভিযান চলাই আছে ডুবাৰুৱে৷

You might also like