নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হঠাৎ স্তব্ধ হাওৰা–নতুন দিল্লী ৰুটৰ ৰে’ল চলাচল

🔴 ৰে’লৰ অভাৰহেড হাইভ’ল্টেজ তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ ৬ শ্রমিকৰ মৃত্যু
ধানবাদ, ২৯ মেঃ ৰে’লৰ অভাৰহেড তাঁৰত কাম কৰিবলৈ যোৱা ৬জন শ্রমিকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাক লৈ সৃষ্টি হয় উত্তেজনা ৷ আজি এই ঘটনাৰ ফলত হঠাতে স্তব্ধ হৈ গ’ল হাওৰা–নতুন দিল্লী ৰুটৰ ৰে’ল চলাচল ৷ স্থানীয় ষ্টেচনসমূহত চলাচল কৰা লোকেল ৰে’লৰো সেৱা বন্ধ হয় ৷ আজি দুপৰীয়া কাট্রাছৰ ধানবাদ ৰে’লৱে ডিভিজনৰ নিছিকপুৰ ৰে’লগেটৰ কাষত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ ২৫ হাজাৰ ভ’ল্টৰ বিদ্যুতৰ তাঁৰত কাম কৰিবলৈ যোৱা ৬গৰাকী বিদ্যুৎকর্মীৰ শোকাৱহ মৃত্যুক লৈ সমগ্র অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

You might also like